/asomiyapratidin/media/media_files/2025/10/03/cxcxcxcxccccc-2025-10-03-23-09-55.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ অসমীয়াৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাৰ নেতৃত্বত তেজপুৰ আদালত চাৰিআলিত শোণিতপুৰ জিলা কংগ্ৰেছে উলিয়াই মমশিখা সমদল।
উল্লেখ্য যে, জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পাঁচ শতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে মমশিখা সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি মায়াবিনী গীত গাই শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়। এইক্ষেত্ৰত তেজপুৰ আদালত চাৰিআলিৰ পৰা শুকুৰবাৰে নিশা প্ৰায় ৬ বজাত উলিওৱা মমশিখা সমদলটোয়ে চহৰ খনৰ মাজেদি এপাক ভ্ৰমণ কৰি ৰাজীৱ ভৱনত উপস্থিত হয়। কাৰ্যসূচীত প্ৰাক্তন সাংসদ ৰিপুন বৰা, শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰকাকতীকে ধৰি জিলা কংগ্ৰেছ সভাপতি আৰু আন কেইবাজনো নেতা উপস্থিত থাকে।