/asomiyapratidin/media/media_files/2026/01/06/sdfesgfnfg-2026-01-06-10-41-49.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ সোমবাৰে নগাঁৱত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ দল কাৰ্যসূচী সামৰি বিয়লি নগাঁৱৰ প্ৰশান্তি লজত এক সংবাদমেল সম্বোধন কৰে ৰিপুন বৰাৰ লগতে কংগ্ৰেছ নেতৃবৰ্গই ৷ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ দল শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দলটোৱে ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিছে বুলি সংবাদমেল যোগে সদৰি কৰাৰ লগতে অসমৰ ৰাইজ বৰ্তমান বিজেপি চৰকাৰৰ নিৰ্যাতনৰ সন্মুখীন হৈ এইবাৰ বিকল্প বিচাৰিছে বুলি উল্লেখ কৰে ৰিপুন বৰাই।
আনহাতে এইবাৰ বিজেপিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভীতিগ্ৰস্ত হৈ পৰিছে বুলি উল্লেখ কৰি ৰিপুন বৰাই কয় যে, কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সহাৰি দেখি বাৰে বাৰে অসমলৈ আগমন ঘটিছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃবৰ্গৰ ৷ মুখ্যমন্ত্ৰীয়ে ভীতিগ্ৰস্ত হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক নিয়োজিত কৰিছে বুলি সংবাদমেলত ৰিপুন বৰাই উল্লেখ কৰে ৷
লগতে মন্ত্ৰী পীযুষ হাজৰীকাক ঢোলৰ লগৰ তেমেকা বুলিও সংবাদমেলত উপহাস কৰিলে ৰিপুন বৰাই ৷ আনহাতে এইবাৰৰ নিৰ্বাচনত যুব প্ৰজন্মক দলে অগ্ৰাধিকাৰ দিয়াৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত বিজেপিৰ এজেণ্ট থকা বুলি দাবী কৰাৰ দৰে বিজেপিতো কংগ্ৰেছৰ এজেণ্ট আছে বুলি প্ৰকাশ কৰে ৰিপুন বৰাই।
লগতে এইটাৰ বিজেপিক উৎখাত কৰাৰ বাবে সকলো বিৰধী একগোট হোৱাৰো পোষকতা কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ৷ এই বিষয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কথা বতৰা চলা বুলিও জানিবলৈ দিলে ৰিপুন বৰাই৷
আনহাতে, নিৰ্বচনৰ পূৰ্বে বিজেপি কংগ্ৰেছৰ প্ৰতি ভীতিগ্ৰস্ত হৈয়ে আঁচনিৰ বন্যা বোৱাইছে বুলিও সংবাদমেলত উল্লেখ কৰে। সোমবাৰৰ এই সংবাদমেলত ৰিপুন বৰাৰ লগতে ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ বহু কেইজন নেতা উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us