/asomiyapratidin/media/media_files/2025/12/11/sdsdsdsdsdsd-2025-12-11-17-26-22.jpg)
ডিজিটেল ডেস্কঃ কাইলৈ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিত দাখিল কৰিব আৰক্ষীয়ে। এই সন্দৰ্ভত শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে ৰিপুন বৰাই।
কংগ্ৰেছৰ জেষ্ঠ্য নেতাগৰাকীয়ে উল্লেখ কৰে যে, "জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যাতে শাস্তি পায়, জুবিনে যাতে ন্যায় পায়, তেনে এখন কটকটীয়া, ক্ৰুতিমুক্ত চাৰ্জশ্বিত দাখিল কৰাতো বিচাৰে কংগ্ৰেছে। ৰাজনৈতিক স্বাৰ্থৰ উৰ্দ্ধত থকা চাৰ্জশ্বিট বিচাৰে দলটোৱে। বিজেপিৰ বহতীয়া নহৈ সম্পূৰ্ণ আইন সংগ চাৰ্জশ্বিত হোৱাটো বিচাৰো" বুলি ৰিপুন বৰাই উল্লেখ কৰে।
ইফালে, মুখ্যমন্ত্ৰীয়ে অচিনাকী লোকক মাটি বিক্ৰী নকৰিব বুলি কোৱা সন্দৰ্ভত ৰিপুন বৰাই কয়, মুখ্যমন্ত্ৰীয়ে কি কয় নিজেই নাজানে। মুখ্যমন্ত্ৰীয়ে কাক অচিনাকী বুলি কৈছে সেয়া মুখ্যমন্ত্ৰীয়েহে ক'ব পাৰিব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে। উল্লেখ্য যে, আজি গহপুৰত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ শতাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us