/asomiyapratidin/media/media_files/2025/08/28/ripun-bora-28-2025-08-28-17-12-54.jpg)
ডিজিটেল সংবাদ মঙলদৈঃ বৃহস্পতিবাৰে দৰং জিলা কংগ্ৰেছৰ এক কৰ্মী সভাত উপস্থিত থাকে কংগ্ৰেছ নেতা ৰিপুন বৰা। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত কংগ্ৰেছ নেতা ৰিপুন বৰাই ছৈয়াদা হামিদাই কৰা বিতৰ্কিত মন্তব্য সংবিধান বিৰোধী, অসমীয়া জাতিৰ বিৰোধী মন্তব্য বুলি উল্লেখ কৰে।
সেয়ে তেওঁ হামিদাৰ সেই মন্তব্য কংগ্ৰেছে বিৰোধিতা কৰে বুলিও মত পোষণ কৰে। কিন্তু হামিদাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ কোনো যুক্তি নাই।
যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমত 'কা' আনি অসম চুক্তি শেষ কৰিলে তেওঁ এইক্ষেত্ৰত ঘৰীয়ালৰ চকুপানী টুকি লাভ নাই বুলিও কয় কংগ্ৰেছ নেতা ৰিপুন বৰাই। তেওঁ কয়, জাতি, মাটি ভেটি কবৰ দিয়া চৰকাৰখনে মাটিৰ কথা কোৱাৰ অধিকাৰ নাই। এইয়া ড০ হিমন্ত বিশ্ব শৰ্মাই সাপ হৈ খোটা আৰু বেজ হৈ জৰাৰ দৰে কথা।
আদানী, আম্বানী, পতঞ্জলীক মাটি দি খিলঞ্জীয়াৰ মাটি শেষ কৰাৰ পিছত এতিয়া খিলঞ্জীয়াৰ মাটিৰ অধিকাৰৰ বাবে কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি বহিঃৰাজ্যৰ এন জি অ’ই ভূমি ক্ৰয় কৰিলে এছ অ’ পি অনুসৰি ক্ৰয় কৰিব লাগিব বুলি লোৱা প্ৰস্তাৱক তীব্ৰ সমালোচনা কৰে ৰিপুন বৰাই। অসমত ২০২৬ ৰ বিধান সভা নিৰ্বাচনত যাতে ভোট চুৰি হ’ব নোৱাৰে তাৰ বাবে কৰ্মীসভাত বি এল এসকলক প্ৰশিক্ষণ দিয়া হ’ব বুলিও কয়।
একেলগে বি টি আৰৰ নিৰ্বাচন সন্দৰ্ভটো মন্তব্য কৰে ৰিপুন বৰাই। তেওঁ কয়, কংগ্ৰেছ দলে সম্পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব বি টি আৰ নিৰ্বাচনত। তেওঁ জনোৱা মতে শুকুৰবাৰে ঘোষণা হ’ব কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা।
বি টি আৰ নিৰ্বাচনত বিজেপি, ইউপিপিএল আৰু বিপিএফৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব বুলি মন্তব্য দিয়ে ৰিপুন বৰাই। আজিৰ কৰ্মী সভাত ৰিপুন বৰাৰ উপৰিও জিলা কংগ্ৰেছৰ সভাপতি ৰিজু মনি তালুকদাৰৰ লগতে জিলা কংগ্ৰেছৰ শতাধিক নেতা, কৰ্মী উপস্থিত থাকে।