ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতত দোষী সাব্যস্ত ৰিণ্টু শৰ্মা

ৰাজ্য কঁপাই যোৱা এক নাৰকীয়, বৰ্বৰোচিত জঘন্য হত্যাকাণ্ড । এটা উন্মত্ত দানৱৰ চোকা দাৰ উপৰ্যুপৰি ঘাপত ৰাজপথৰ সমীপত ঢলি পৰিছিল সম্ভাৱনাপূৰ্ণ তথা মেধাবী শিক্ষাৰ্থী নন্দিতা শইকীয়া ।

author-image
Asomiya Pratidin
New Update
133

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য কঁপাই যোৱা এক নাৰকীয়, বৰ্বৰোচিত জঘন্য হত্যাকাণ্ড । এটা উন্মত্ত দানৱৰ চোকা দাৰ উপৰ্যুপৰি ঘাপত ৰাজপথৰ সমীপত ঢলি পৰিছিল সম্ভাৱনাপূৰ্ণ তথা মেধাবী শিক্ষাৰ্থী নন্দিতা শইকীয়া ।

Advertisment

ঢকুৱাখনা নগৰৰ নৱ কাঠৰবাৰী গাঁৱৰ নবীন শইকীয়া আৰু জোনালী শইকীয়াৰ দুহিতা তথা ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বর্ষৰ ছাত্ৰী নন্দিতাই বিগত ৫টাকৈ দিন চিকিৎসালয়ত মৃত্যুৰে যুঁজি নিয়তিৰ ওচৰত হাৰ মানিছিল ।  ধেমাজি নগৰৰ মাজমজিয়াত দিন দুপৰতে ২০২১ চনৰ ২১ আগষ্টত সংঘটিত হোৱা এই পাশৱিক হত্যাকাণ্ডৰ নায়ক আছিল মৰিধল মহাবিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰিণ্টু শৰ্মা ।

ৰাজ্য জোকাৰি যোৱা সেই শিহৰণকাৰী হত্যাকাণ্ডৰ কাইলৈ অৰ্থাৎ ২১ আগষ্টত হ'ব চূড়ান্ত ৰায়দান ।  ধেমাজি সদৰ আৰক্ষী থানাত ৩৪২/৩২৪/৩০৭/৩০২ (আই পি চি ) ধাৰাত পঞ্জীভূত গোচৰৰ "চার্জচিট" আদালতত দাখিলৰ পাছত ধেমাজিৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত গোচৰ নম্বৰ-০০০০০৫৭/২০২১ ৰ অধীনত চলিছিল অসম চৰকাৰ বনাম ৰিন্টু শইকীয়াৰ গোচৰ।

সুদীর্ঘ ৩ বছৰ ধৰি সাক্ষীবাদী ,যুক্তি তৰ্ক  সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত অন্তিম শুনানি যোৱা ২৫ জুলাইত গ্ৰহণ কৰে সত্ৰ আদালতে । জিলা সত্ৰ ন্যায়াধীশ আদালতে  বুধবাৰে এই গোচৰৰ প্ৰধান অভিযুক্ত ৰিন্টু  শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৪/৩০৭/৩০২ ধাৰাত দোষী সাব্যস্ত কৰা বুলি ঘোষণা কৰে আৰু ২১ আগষ্টত গোচৰৰ চূড়ান্ত ৰায়দান কৰা হ'ব বুলি অৱগত কৰে  ।  

উল্লেখযোগ্য যে ৰাজ্যখনৰ সৰ্বত্ৰতে শোকৰ বন্যা প্ৰবাহিত কৰা এই লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত আচামী ৰিন্টু শৰ্মা বিগত ৩ বছৰ ধৰি ধেমাজি জিলা কাৰাগাৰত হাজোতী হৈ আছে । স্মৰ্তব্য যে ২১ আগষ্ট  বৃহস্পতিবাৰে নন্দিতা হত্যাকাণ্ডৰ ৪টা বছৰ পূৰ্ণ হ'ব । নিষ্ঠুৰ নৰপিশাচ, ঘাটক ৰিন্টু শৰ্মাৰ চূড়ান্ত ৰায়দান এইটো বিশেষ দিনতে হোৱাটো নিশ্চিত হোৱাত সুকীয়া তাপৰ্য বহন কৰিছে ।

কেনেকৈ ঘটিছিল এই মৰ্মান্তিক কাণ্ড :

হিন্দী শিক্ষাৰ প্ৰতি থকা প্ৰবল ধাউতিৰ বাবে ঢকুৱাখনাৰ পৰা গৈ মৰিধল মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল প্ৰচুৰ মেধাবী ছাত্ৰী নন্দিতাই। নিয়মীয়াভাৱেই শিক্ষাগ্ৰহণ কৰা নন্দিতাই কম সময়ৰ ভিতৰতে নিজৰ সৰলতা আৰু বিনয়তাৰ বাবে মহাবিদ্যালয় পৰিয়ালৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ।

সিদিনা আছিল স্নাতক প্ৰথম বর্ষৰ পৰীক্ষা । বান্ধৱী কাশ্মীনা দত্ত আৰু বান্ধৱীৰ পিতৃ ঢকুৱাখনাৰ দেৱ দত্তসহ এখন বাইকত গৈ মহাবিদ্যালয়ত পৰীক্ষা দি বিয়লি উভতি আহিছিল নন্দিতা । মহাবিদ্যালয়ৰ পৰা ধেমাজি সদৰত উপস্থিত হৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত তিনিওগৰাকী  কিবা খাবলৈ ক্ষণিক ৰওতেই ঘটিছিল হৃদয় কপোৱা ঘটনা ।

মহাবিদ্যালয়ৰ পৰাই নন্দিতাক অনুসৰণ কৰি অহা মহাবিদ্যালয়খনৰে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ঘাটক ৰিন্টু শৰ্মাই লগত লৈ অহা এখন চোকা খামটি দাৰে নন্দিতাক অকস্মাত মূৰত আৰু শৰীৰত উপৰ্যুপৰি ঘপিয়াই ৰাইজৰ সন্মুখতে। দিন দুপৰতে ধেমাজিৰ মাজ মজিয়াত এই বৰ্বৰ কাণ্ড সংঘটিত কৰি উদ্যত দা লৈ তেজেৰে তুমৰলি অৱস্থাৰে পলাবলৈ চেষ্টা কৰিছিল বৰ্বৰ হত্যাকাৰী ৰিন্টু শৰ্মাই । পাছত ৰাইজ আৰু আৰক্ষীৰ চেষ্টাত চোকা দাসহ আত্মগোপন কৰা ৰক্তাক্ত ঘাটকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । 

ৰাজ্যবাসীৰ প্ৰাৰ্থনায়ো বচাব নোৱাৰিলে নন্দিতাক :

মূৰ আৰু শৰীৰত দাৰ প্ৰচণ্ড আঘাতৰ পাছত ৰক্তৰে ৰঞ্জিত হোৱা ধেমাজিৰ ৰাজপথত দুৰ্ভগীয়া নন্দিতাক উদ্ধাৰ কৰি ৰাইজে নিছিল চিকিৎসালয়লৈ । চিকিৎসকে গুৰুতৰ জখমৰ বাবে ক্ষীপ্ৰতাৰে জৰুৰী চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল ।

ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মুমূৰ্ষু অৱস্থাত ভৰ্তি কৰাৰ পাছত চিকিৎসকে ৫ দিন নিৰন্তৰ চেষ্টা চলাইছিল নন্দিতাক সুস্থ কৰাৰ । সদৌ অসম ছাত্ৰ সন্থা, মৰিধল মহাবিদ্যালয় পৰিয়ালকে প্ৰমুখ্য কৰি সকলো ব্যক্তি ,দল সংগঠনে তেজ দি, স্বেচ্ছাই ধন বৰঙণি আগবঢ়াই নন্দিতাক সুস্থ কৰাৰ আপ্ৰাণ চেষ্টাত দিনে নিশাই ব্ৰতী হৈছিল ।

ৰাজ্যজুৰি হাতে হাতে ধূপ- চাকি লৈ অনুষ্ঠিত হৈছিল প্ৰাৰ্থনা সভা নন্দিতাক পুনৰ সুস্থ কৰাৰ প্ৰাৰ্থনাৰে । কিন্তু নিয়তিৰ পৰিহাস , বুকুত অব্যক্ত পীড়া ,বেদনালৈ যোৱা ২০২১ চনৰ ২৫ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিছিল কষ্টসহিষ্ণু, অমায়িক নন্দিতাই ।

দৰিদ্ৰতাৰ সতে যুঁজিও ভাগৰি নপৰা নন্দিতাৰ মৃত্যুৰ দুঃসংবাদে ৰাজ্যজুৰি শোকৰ বন্যা বোৱালে । কিছুদিন আগলৈকে নন্দিতাৰ গীতে মাতে জীপাল হৈ থকা ঘৰখনলৈ নামি আহিল চিৰদিনীয়া  মৰিশালীৰ নিস্তব্ধতা ।

ফাষ্ট ট্ৰেক আদালতত চলিছিল গোচৰ :

নন্দিতাৰ অকাল মৰ্মান্তিক বিয়োগৰ পাছতে এই গোচৰ "ফাষ্ট ট্ৰেক" আদালতত চলাব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সেই মতে চলিছিল গোচৰৰ প্ৰক্ৰিয়া।  এক সুদীর্ঘ পৰিক্ৰমাজোৰা আইনী বিধি ব্যৱস্থাৰে গৈ নন্দিতা হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰক্ৰিয়া সমাগত হোৱাত দুৰ্ভগীয়া পিতৃ -মাতৃ ,আত্মীয়- স্বজনৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে এবাৰলৈ পতিয়ন গৈছে  নন্দিতাৰ আত্মাক এই ৰায়দানে শান্তি দিব ।

এনকাউণ্টাৰ কৰা হৈছিল অভিযুক্ত ৰিন্টু শৰ্মাক :

ধেমাজিৰ ইতিহাস কলংকিত কৰা এই বৰ্বৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ মাজতে অভিযুক্ত ৰিন্টু শৰ্মাক যোৱা ২০২১ চনৰ ৪ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০-১৫ বজাত ধেমাজি জিলা অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিছিল ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে। যাত্ৰা পথত অভিযুক্ত শৰ্মাই পেটৰ বিষ আৰু প্ৰসাৱ কৰাৰ বাবে ৰ'বলৈ বাৰম্বাৰ কোৱাৰ পাছত আৰক্ষীৰ গাড়ী ৰৈছিল পথত ।

গাড়ীৰ পৰা নামি যোৱাৰ পাছতে অভিযুক্তই  এজন আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল। পাছত  উপস্থিত আৰক্ষীয়ে ভৰিত গুলী মাৰি শৰ্মাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

হত্যাকাৰীক ফাঁচীৰ দাবী :
নৰ হত্যাকাৰী ৰিন্টু শৰ্মাক গ্ৰেপ্তাৰৰ পাছতে ফাঁচীৰ দাবীৰে উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য । সদৌ অসম ছাত্ৰ সন্থা, সদৌ তাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মহিলা সমিতি, মৰিধল মহাবিদ্যালয় ছাত্ৰ একতা সভাকে প্ৰমুখ্য কৰি অজস্ৰ ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনৰ লগতে দুৰ্ভগীয়া পিতৃ মাতৃ আৰু নন্দিতাৰ আত্মীয় স্বজনে ধৃত নৰ পিশাচটোক ফাঁচী দিয়াৰ প্ৰবল দাবী উত্থাপন কৰিছিল । এনে দানৱীয় কাণ্ড যাতে আগলৈ কোনেও নকৰে তাৰ বাবে দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উঠিছিল সৰ্বত্ৰতে।  

কাইলৈ এই গুৰুত্বপূৰ্ণ গোচৰৰ হ'বলগীয়া চূড়ান্ত ৰায়দানে কি ৰায় দিয়ে, তাক লৈ আগ্ৰহেৰে অপেক্ষা কৰিছে সমগ্ৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থাশীল ,বিশ্বাসী অসমবাসীয়ে ।

ঢকুৱাখনা