/asomiyapratidin/media/media_files/2026/02/23/4-2026-02-23-08-12-14.jpg)
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিছ। ৰীমা দাসৰ শেহতীয়া ফিচাৰ ফিল্ম 'নট এ হিৰো'এ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ক্রিষ্টাল বিয়েৰ স্পেচিয়েল মেনচন বঁটা লাভ কৰিছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-image-2026-02-23-08-07-01.jpeg)
উল্লেখ্য যে - শিশু আৰু যুৱ দৰ্শকৰ বাবে নিৰ্মিত ছবিখনক 'জেনেৰেচন কে প্লাছ' প্ৰতিযোগিতা শিতানত এই বঁটা প্ৰদান কৰে। ইপিনে আকাংগা ফিল্ম এছিয়া আৰু ট্ৰেইনট্ৰিপাৰ ফিল্মছৰ সহযোগত ফ্লাইং ৰিভাৰ ফিল্মছৰ দ্বাৰা নিৰ্মিত এই ছবিখনে বাৰ্লিনেলৰ সৈতে ৰীমা দাসৰ শক্তিশালী সম্পৰ্ক অব্যাহত ৰাখিছে । তেওঁৰ পূৰ্বৰ ছবি বুলবুল কেন চিঙেও ২০১৯ চনত বিশেষ সন্মান লাভ কৰিছিল।
এই বটাঁ লাভ কৰাৰ পাছত ৰীমা দাসে মন্তব্য প্ৰকাশ কৰিছে যে - মোৰ বাবে এই স্বীকৃতি গভীৰভাৱে অৰ্থপূৰ্ণ । ল’ৰা-ছোৱালীৰ কথা ভালদৰে শুনি, তেওঁলোকৰ ওপৰত বিশ্বাস কৰি, তেওঁলোকৰ সাহস আৰু তেওঁলোকে কোন হ’ব বিচাৰে সেইটো নিৰ্বাচন কৰাৰ অধিকাৰক বিশ্বাস কৰি 'নট এ হিৰো' সৃষ্টি কৰা হৈছে । ইমান মৰম আৰু আদৰৰে ছবিখন গ্ৰহণ কৰা দৰ্শকৰ প্ৰতি কৃতজ্ঞ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-imag-2026-02-23-08-07-31.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us