/asomiyapratidin/media/media_files/2025/09/08/282-2025-09-08-07-58-56.jpg)
ডিজিটেল সংবাদ,নগাঁও : ৰাইদঙীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত বৰিবজাৰস্থিত কৰচুং শ্বহীদ স্মৃতি খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে ৷ চূড়ান্ত বিজয়ী হয় মাছেটি নামৰ ক্ৰিকেট দলটোৱে ৷
উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত সুন্দৰ প্ৰদৰ্শন কৰি মাছেটি দলে লাইন ক্লাৱ-পাঁচআলিৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। উল্লেখ্য যে, ৬ আগষ্টৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৬ অভাৰৰ ৰাইদঙীয়া প্ৰিমিয়াৰ লীগ (আৰপিএল) শীৰ্ষক প্ৰতিযোগিতাখনত নগাঁও জিলাৰ মুঠ ৮টা আগশাৰীৰ দলে অংশগ্ৰহণ কৰে ৷
চূড়ান্ত খেলৰ অন্তত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিজয়ী আৰু বিজেতা দলক বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us