/asomiyapratidin/media/media_files/2025/11/19/new-ap-web-4-21-2025-11-19-14-11-21.jpg)
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰৰ অভিযোগত অভিযুক্ত আহমেদ জিলানীক সাবৰমতী কাৰাগাৰত কয়দীয়ে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাছতে কাৰাগাৰৰ ভিতৰচৰাত চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে পুৱা গুজৰাটৰ সাবৰমতী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত তিনি সহযোগীয়ে আক্ৰমণ কৰে জিলানীক। এই ঘটনাৰ পিছতে কৰ্তব্যৰত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে- পৰিদৰ্শক কে.ৱাই.ব্যাসে জনোৱা মতে- তেলেংগানাৰ বাসিন্দা জিলানীয়ে চকুত গুৰুতৰভাৱে আঘাত পাইছে এই আক্ৰমণত। ইতিমধ্যে তেওঁক উন্নত চিকিৎসাৰ বাবে চিভিক হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা চলাই থকা হৈছে জিলানীৰ ।
প্ৰণিধানযোগ্য যে, এই ঘটনা সংঘটিত হৈছিল ১৮ নৱেম্বৰ ২০২৫ৰ পুৱাৰ ভাগত। আৰক্ষীৰ প্ৰাথমিক তদন্তত ইতিমধ্যে কেইবাগৰাকী অভিযুক্তৰ নাম চৰ্চালৈ আহিছে। তেওঁলোক হৈছে- অনিল কুমাৰ, শিৱম শৰ্মাৰ লগতে আন এজন লোক। এই আটাইকেজনকে আৰক্ষী সোধা-পোচা অৱ্যাহত ৰাখিছে। উল্লেখযোগ্য যে, ইয়াৰে শিৱম শৰ্মা নামৰ কয়দীগৰাকীৰ বিৰুদ্ধে পূৰ্বতে চুৰিকাণ্ডৰ এক অভিযোগো আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us