/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/03226465-fb80-4fd1-8e4b-a465a4eeeb5e/cachar_08.jpg)
cachar cachar
ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত বস্তাই বস্তাই উদ্ধাৰ হৈছে চোৰাং চাউল ৷ উদাৰবন্দৰ দুটা গোডামৰ পৰা জব্দ কৰিছে ৪১৩ বস্তা চোৰাং চাউল ৷ চৰকাৰে দুখীয়া লোকৰ বাবে যোগান ধৰা এই ৪১৩ বস্তা চাউল বৃহস্পতিবাৰে উদাৰবন্দ পানগ্ৰাম দিঘিৰপাৰৰ দুখন দোকানৰ গোডামৰ পৰা জব্দ কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷
গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে দুপৰীয়া আৰক্ষী আৰু যোগান বিভাগক লগত লৈ উদাৰবন্দৰ চক্ৰ বিষয়া ঋতুৰাজ বৰদলৈয়ে অভিযান চলায় পানগ্ৰাম দিঘিৰপাৰৰ দুটা গোদামত ৷ গেলামালৰ দোকানী তমিজ উদ্দিন লস্কৰ আৰু ওৱাহিদুল লস্কৰৰ গোডামত অভিযান চলাই অবৈধ ভাৱে মজুত কৰা মুঠ ৪১৩ বস্তা চৰকাৰী চাউল জব্দ কৰে।
ইয়াৰে তমিজ উদ্দিনৰ গোডামৰ পৰা ৩১৮ আৰু ওৱাহিদুলৰ গোডামৰ পৰা ৯৫ বস্তা চাউল জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ চৰকাৰী চাউল চোৰাং ভাৱে ক্ৰয় কৰাৰ অভিযোগত ইতিমধ্যে তমিজ উদ্দিনক আটক কৰিছে উদাৰবন্দ আৰক্ষীয়ে ৷ জব্দ কৰা চাউল খিনি চালগংগাৰ এটা সমাবায় সমিতিৰ বুলি সন্দেহ কৰা হৈছে ৷