শিলঘাটত উদ্ধাৰ গঁড়ৰ মৃতদেহ...

শিলঘাটৰ বন বিভাগৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত বাঘৰ আক্ৰমণৰ বাবে ওখ ঠাইৰ পৰা তলত পৰি যোৱাৰ ফলত গড়টোৰ মৃত্যু হোৱা বুলি বন বিভাগে সন্দেহ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্রয় লৈ থকা এটা গঁড়ৰ মৃতদেহ বুধবাৰে পুৱা উদ্ধাৰ কৰা হয়। কলিয়াবৰ চাহ বাগিচাৰ কাষত আজি পুৱা স্থানীয় লোকে গড়টোৰ মৃতদেহ প্রতাক্ষ কৰে।

শিলঘাটৰ বন বিভাগৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত বাঘৰ আক্ৰমণৰ বাবে ওখ ঠাইৰ পৰা তলত পৰি যোৱাৰ ফলত গঁড়টোৰ মৃত্যু হোৱা বুলি বন বিভাগে সন্দেহ কৰিছে।

পশু চিকিৎসকৰ পৰীক্ষাৰ পাছতহে সবিশেষ তথ্য পোহৰলৈ আহিব বুলি বন বিভাগৰ সূত্রই জানিবলৈ দিছে। উল্লেখযোগ্য যে, প্রায় ৩ মাহ পূর্বে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি গঁড়টোৱে শিলঘাট অঞ্চলত বিচৰণ কৰি আছিল।

গঁড় গঁড় হত্যা শিলঘাট