ফৰিদাবাদৰ ৰাইন' ক্লাৱৰ উদ্যোগত আয়োজিত ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি...

ফৰিদাবাদৰ ৰাইন' ক্লাৱৰ উদ্যোগত আয়োজন কৰা "টি২০ টেনিছ বল" ক্ৰিকেট প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে ৷ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানীক্ষেত্ৰৰ উত্তৰ পুৱৰ খেলুৱৈৰ দ্বাৰা গঠিত১৭ টা আৰু অসমৰ পৰা ১ টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

author-image
Asomiya Pratidin
New Update
296

ডিজিটেল সংবাদ, গুৱাহাটী : ফৰিদাবাদৰ ৰাইন' ক্লাৱৰ উদ্যোগত আয়োজন কৰা "টি২০ টেনিছ বল" ক্ৰিকেট প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে ৷ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানীক্ষেত্ৰৰ উত্তৰ পুৱৰ খেলুৱৈৰ দ্বাৰা গঠিত১৭ টা আৰু অসমৰ পৰা ১ টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

দেওবাৰে ফাইনেল খেলত অৱতীৰ্ণ হয় ব্ৰহ্মপুত্ৰ ব্ৰেভছ আৰু বৰদৈচিলা ব্লাষ্টাৰছ ৷ প্ৰথমে টছত জিকি বৰদৈছিলা ব্লাষ্টাৰছে বেটিংৰ সিদ্ধান্ত লৈ ব্ৰহ্মপুত্ৰ ব্ৰেভছক ৮ টা উইকেট হেৰুৱাই ১৬৮ সংগ্ৰহ কৰে ৷ ৰোমাঞ্চকৰ মেচখনত ব্ৰহ্মপুত্ৰ ব্ৰেভছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত অন্তিম বলত ১৭১ ৰান কৰি " ৰাইন' কাপ -২০২৫ " ৰ বিজয়ী হয় ৷

ৰোমাঞ্চকৰ মেচখনত ব্ৰহ্মপুত্ৰ ব্ৰেভছৰ ধৃতিৰাজে ২টা উইকেট আৰু ১২ ৰাণ সংগ্ৰহ কৰি মেন অফ দ্য মেচৰ সন্মান লাভ কৰে ৷ সমগ্ৰ প্ৰতিযোগিতাখনত দমনীয় প্ৰদৰ্শন আগবঢ়াই ১৩ টা উইকেট আৰু ২১১ ৰাণ সংগ্ৰহ কৰি সোমদেৱ চাহানী "প্লেয়াৰ্ছ অফ দ্য টুৰ্ণামেন্টৰ" সন্মান লাভ কৰে ৷  

প্ৰতিযোতিতাত ৪০উৰ্ধৰ খেলুৱৈ শিতানত "ৰাইন' ৰত্ন" সন্মান লাভ কৰা ময়ুৰ বৰাই ১২ টা উইকেট আৰু ১৩৯ ৰাণ সংগ্ৰহ কৰে ৷ ৰাইন' ক্লাৱে প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি" ৰাইন' ক্ৰনিকেল" বুলি এখন স্মৰণিকা প্ৰকাশ কৰে ৷

প্ৰতিযোগিতাৰ সফল সামৰণিৰ বাবে সকলো প্ৰতিযোগী দল,ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ ক্ৰীড়া প্ৰেমী ৰাইজ আৰু উদযাপন কমিটিক ধন্যবাদ জনাই ৰািন' ক্লাৱৰ সবাপতি ইজাজ হুছেইনে ৷ আনহাতে ক্ৰীড়াসুলভ মনোভাবৰে বিজয়ী দলৰ  অধিনায়ক কমল দাস আৰু বিজিত দলৰ মেন্টৰ সৌভিক শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

ক্ৰিকেট