Advertisment

সঞ্জয় ৰয়ক যাৱজীৱন কাৰাদণ্ড বিহিলে শিয়ালদাহ আদালতে

ঠসঞ্জয় ৰয়ে কৰা অপৰাধৰ বাবে কোনো ক্ষমা নাই। এনে অপৰাধীয়ে যদি সমাজত ঘূৰি ফুৰে তেন্তে আৰু অপৰাধ সংঘটিত হ'ব। সেয়েহে আমি বিচাৰো সঞ্জয়ৰ ফাঁচী দিয়া হওক।"

author-image
Asomiya Pratidin
New Update
fg

ডিজিটেল ডেস্কঃ  কলকাতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা নাৰকীয় কাণ্ডৰ ৰয় দিলে শিয়ালদাহ আদালতে। কৰ্তব্যৰত চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ক আজি আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে।

Advertisment

নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক শনিবাৰে ভাৰতীয় ন্যায় সংহিতাৰ ৬৪, ৬৬ আৰু ১০৩(১) ধাৰাত দোষী সাব্যস্ত কৰি ন্যায়াধীশ অনিৰ্বান দাসে আজি সঞ্জয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে

আজি বিয়লি শাস্তি ঘোষণাৰ সময়ত আদালতত তেওঁ কোনো অপৰাধ কৰা নাই,তেওঁক দোষী সাব্যস্ত কৰা লগতে অত্যাচাৰ কৰা বুলি অভিযোগ কৰে সঞ্জয় ৰয়ে। লগতে কয় যে, "মই সদায় ডিঙিত ৰুদ্ৰাক্ষৰ মালা পিন্ধো। যদি মই অপৰাধ সংঘটিত কৰিলোঁহেঁতেন তেন্তে সংঘটিত হোৱা ঠাইত মোৰ মালাদাল ছিঙি গ'লহেঁতেন। মই কৰা নাছিলো, মোক ফ্ৰেম কৰা হৈছিল। এজন আই পি এছ বিষয়াকে ধৰি মোক ফ্ৰেম কৰাসকলক মুকলি কৰা হৈছে।

ইফালে এই প্ৰসংগত ভুক্তভোগীৰ মাতৃয়ে কয়, "সঞ্জয় ৰয়ে কৰা অপৰাধৰ বাবে কোনো ক্ষমা নাই। এনে অপৰাধীয়ে যদি সমাজত ঘূৰি ফুৰে তেন্তে আৰু অপৰাধ সংঘটিত হ'ব। সেয়েহে আমি বিচাৰো সঞ্জয়ৰ ফাঁচী দিয়া হওক।" মৃত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীৰ মাতৃয়ে কেৱল সঞ্জয়কে নহয়, আৰ জি কাৰ গোচৰৰ প্ৰকৃত দোষী সকলোকে ফাঁচী দিয়াৰ দাবী জনাইছে।

উল্লেখ কৰা প্ৰয়োজন যে, সঞ্জয়ক ফাঁচীৰ পোষকতা কৰিছিল চিবিআইয়ে। এইটো এনে এক ঘটনা যিয়ে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছিল বুলি চিবিআইয়ে আদালতক অৱগত কৰে।

উল্লেখ্য যে, ২০২৪ চনৰ ৮-৯ আগষ্টৰ নিশা আৰজি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।য’ত ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছে এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকক। হত্যাৰ এদিন পিছতে সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰিছিল কলকাতা আৰক্ষীয়ে।তাৰ পিছত কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটোৰ তদন্ত কৰি আছে চিবিআইয়ে।

সঞ্জয় ৰয়