ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা ঘোষণা

author-image
Asomiya Pratidin
New Update
ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা ঘোষণা

ডিজিটেল সংবাদ,নগাঁও : সত্ৰীয়া সংস্কৃতিৰ সাধক, যশস্বী লেখক তথা নগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন বিষয়ববীয়া ৰেৱত চন্দ্ৰ মহন্তৰ স্মৃতিত নগাঁও জিলা সত্ৰ মহাসভাই ঘোষণা কৰা 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা' পোন প্ৰথমবাৰৰ বাবে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা বৈষ্ণৱ পণ্ডিত ড০ নৰেন কলিতালৈ আগবঢ়োৱা হ'ব। অহা ১৫ নবেম্বৰত শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰত অনুষ্ঠিত হ'ব লগা সত্ৰীয়া সংস্কৃতি দিৱসৰ অনুস্থানত ড০ নৰেন কলিতাক এই বঁটা প্ৰদান কৰা হ'ব। বঁটাত থাকিব নগদ ১০,০০০ টকা, সত্ৰ মহাসভাৰ প্ৰতিক সম্বলিত এটি স্মাৰক, এখনি মানপত্ৰ, এখন পাতৰ চেলেং আৰু সমাজ সংস্কৃতি সম্পৰ্কীয় গ্ৰন্থৰ টোপোলা। নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি ডা০ কেশৱানন্দ গোস্বামী আৰু সম্পাদক দিগন্ত প্ৰকাশ মহন্তই এক বিবৃত্তি যোগে এই কথা জানিবলৈ দিছে ৷

Advertisment

ইফালে নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্য্যনিৰ্বাহ সভাৰ সিদ্ধান্ত অনুসৰি সত্ৰ মহাসভাৰ সন্মতি অবিহনে নীতি বহিৰ্ভূত ভাৱে পুৰণিগুদাম ব্ৰাহ্মণ গাঁৱত পূব নগাঁও আঞ্চলিক সত্ৰ মহাসভাৰ অধিবেশন অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্য্যত নগাঁও জিলা সত্ৰ মহাসভাৰ অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহক সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। সত্ৰ মহাসভাৰ সাংগঠনিক নীতি নিৰ্দেশনাক সম্পূৰ্ণ উলংঘা কৰি অনুষ্ঠিত কৰিবলৈ লোৱা এই অধিবেশনত জিলা সত্ৰ মহাসভাৰ কোনো ধৰণৰ সন্মতি নাই আৰু কোনো বিষয়ববীয়া, সদস্য এই সভাত উপস্থিত নাথাকে। অধিবেশনৰ নিমন্ত্ৰণী পত্ৰত জিলা সত্ৰ মহাসভাৰ বিষয়ববীয়া সকলক জড়িত কৰা কাৰ্যত কাৰ্য্যনিৰ্বাহক সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে উল্লেখিত নামসমূহ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

জিলা সত্ৰ মহাসভা, ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থ আৰু ভাতৃ সংগঠন সমন্বিত যুৱ তীৰ্থৰ লগতে অন্যান্য আঞ্চলিকৰ বিষয়ববীয়া সদস্যই যদি এই অধিবেশনত সহযোগ কৰে তেন্তে তেনেলোকৰ ওপৰত অনুশাসন ভংগৰ অপৰাধত দোষী সাব্যস্ত কৰি সত্ৰমহাসভাৰ বিধি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহন কৰা হৈছে ৷ ইতিমধ্যে, অসাংবিধানিক ভাৱে অধিবেশনৰ আয়োজন কৰা সকললৈ কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিবলৈ কাৰ্য্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

assam NOGAON