/asomiyapratidin/media/media_files/2025/09/05/256-2025-09-05-20-27-31.jpg)
ডিজিটেল সংবাদ, নলবাৰী : ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰান্ত নলবাৰী জিলাৰ টিহু জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ‘উমাচৰণ শীল জীৱনজোৰা সাধনা বঁটা-২০২৫ খৃষ্টাব্দ’ জিলাখনৰ টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, লেখক, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাক ৫ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
বিদ্যালয়খনত শিক্ষক দিৱস উপলক্ষে সংগতি ৰাখি আয়োজিত সভাত ফুল, ফুলাম গামোচা, জাপি, কিতাপৰ টোপোলা, প্ৰশস্তি পত্ৰৰে এই সন্মান প্ৰদান কৰা হয়। সন্মান গ্ৰহণ কৰি আৱেগিকভাৱে দিয়া ভাষণত বিশিষ্ট শিক্ষাব্ৰতীগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলে জীৱনত কেতিয়াও নেতিবাচক চিন্তা কৰিব নালাগে। সদায় ইতিবাচক চিন্তাৰে আগুৱাব লাগে। তেতিয়াহে সকলোৱে জীৱনত সফলতা লাভ কৰিব পাৰে।
প্ৰসংগক্ৰমে তেওঁ কয়, ‘‘কৃতকাৰ্যতাৰ বাবে কেতিয়াও ভাগি পৰিব নালাগে। চেষ্টা সদায় অব্যাহত ৰাখিব লাগিব।’’
বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাৰ পৌৰোহিত্যত হোৱা এই সভাত টিহু মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ গিৰীন্দ্ৰনাথ শৰ্মা বিশিষ্ট আমন্ত্ৰিত ব্যক্তি হিচাপে ভাগ লৈ ভাষণ প্ৰদান কৰে। বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পূৰ্ণিমা শীল আমন্ত্ৰিত বিশিষ্ট লোক হিচাপে ভগ লয়।
টিহু জাতীয় বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মানসপ্ৰতিম কলিতাই সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে। ছাত্ৰ প্ৰধান অন্তৰীক্ষ কাশ্যপে অনুষ্ঠানৰ আঁত ধৰি পৰিচালনা কৰে।
শিক্ষাৰ্থীসকলে শিক্ষকবৃন্দক নিজে সজা সামগ্ৰীৰে সম্ভাষণ জ্ঞাপন কৰি সেৱা জনায়। অনুষ্ঠানত প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীসকলে শিক্ষক দিৱস উপলক্ষে অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত ড০ সৰ্বপল্লী ৰধাকৃষ্ণনৰ জীৱনী, জীৱন দৰ্শনৰ বিষয়ে বক্তৃতা প্ৰদান কৰে।
শিক্ষাৰ্থীসকলে নানা গীত-মাত, নাচ-নৃত্য, শ্লোক আৰু কবিতা আবৃত্তি কৰি অনুষ্ঠানৰ পৰিৱেশ আকৰ্ষণীয় কৰি তোলে। অসম সংগীতেৰে অনুষ্ঠান সামৰা হয়।