গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেন নাৰ্জাৰীক বিদায় সম্বৰ্ধনা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো ভাষা বিভাগৰ অধ্যাপক ভূপেন নাৰ্জাৰীক গৱেষণা বিভাগৰ প্ৰাক্তন ছাত্ৰ সমাজে সোমবাৰে বিশ্ববিদ্যালয়ৰ আইএ টি কনফাৰেন্স হলত বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
xxxxxxxxxxxxxxxxxxxxxx

ডিজিটেল সংবাদ, হাওৰাঘাটঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো ভাষা বিভাগৰ অধ্যাপক ভূপেন নাৰ্জাৰীক গৱেষণা বিভাগৰ প্ৰাক্তন ছাত্ৰ সমাজে সোমবাৰে বিশ্ববিদ্যালয়ৰ আইএ টি কনফাৰেন্স হলত বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। এই সভাত সভাপতিত্ব কৰে ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যাপক ড° তুলন মুছাহাৰীয়ে। উদেশ্য বাখ্যা কৰে অধ্যাপক ড° নিজউম নাৰ্জাৰীয়ে।

এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ ড° উৎপল শৰ্মাই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক তথা পদ্মশ্ৰী বঁটা প্ৰাপক ড° অনিল বড়ো।

WhatsApp Image 2025-09-01 at 7.38.14 PM

ইয়াৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অঞ্জলি দৈমাৰী,  অধ্যাপক ড° ছান ফাওৰী ব্ৰহ্ম, অধ্যাপক ড° দিগন্ত নাৰ্জাৰীকে ধৰি বহু কেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী, বড়ো লোকসকলে অনুষ্ঠানত অংশ গ্ৰহণ কৰি অধ্যাপক নাৰ্জাৰীক বিদায় সম্ভাষণ জ্ঞাপন কৰে। 

WhatsApp Image 2025-09-01 at 7.38.12 PM

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই অধ্যাপক যোগেন বড়োৱে। বড়ো ভাষা-জাতিৰ শিক্ষা, সংস্কৃতি বৌদ্ধিক আৰু বড়ো জাতিৰ জনজীৱনৰ উন্নয়নত গভীৰ আস্থা আৰু অৰিহণা থকা বড়ো গৱেষক অৱসৰ প্ৰাপ্ত অধ্যাপক ড° নাৰ্জাৰীক গীতে মাতে  বিদায় সম্বৰ্ধনা জনোৱা হয়।

গুৱাহাটী বিশ্ববিদ্যালয়