বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ শইকীয়াক "কৃতী শিক্ষক ২০২৫" বঁটা প্ৰদান

গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষক দিৱস আৰু দীনজ্যোতি ফাউণ্ডেশ্যনৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ লগত সংঙ্গতি ৰাখি ধেমাজীৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ শইকীয়াক দীন-জ্যোতি ফাউণ্ডেশ্যনৰ " কৃতী শিক্ষক ২০২৫ " বঁ‌টা প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
261

ডিজিটেল সংবাদ, গুৱাহাটী  : গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষক দিৱস আৰু দীনজ্যোতি ফাউণ্ডেশ্যনৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ লগত সংঙ্গতি ৰাখি ধেমাজীৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ শইকীয়াক দীন-জ্যোতি ফাউণ্ডেশ্যনৰ " কৃতী শিক্ষক ২০২৫ " বঁ‌টা প্ৰদান কৰা হয় । বঁটাত আছে ফুলাম গামোচা, চেলেং চাদৰ , স্মাৰক ,এটা গড় ৰ প্ৰতীক আৰু মানপত্ৰ ।

ফাউণ্ডেশ্যনৰ সঞ্চালক চুমী ৰহমানে আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক শংকৰ গোহাই,ফাউণ্ডেশ্যনৰ উপদেষ্টা বৰঠাকুৰ আই এ এছ একাডেমিৰ সঞ্চালক  বন্দনা বৰঠাকুৰ। সাহিত্য অকাডেমী বঁ‌টা প্ৰাপক সাহিত্যিক ড° জয়ন্ত মাধৱ বৰা, ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি।

কৃতী শিক্ষক