অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমৰ বিয়োগ

নতুন বছৰৰ প্ৰথম দিনটোতে মৈৰাবাৰী অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰে। মৈৰাবাৰী এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা মৈৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি জনাব মেহবুব মুক্তাৰ চাহাবৰ প্ৰিয় মাতৃ, মমতাজ বেগম পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে

author-image
Asomiya Pratidin
New Update
566

ডিজিটেল সংবাদ, মৈৰাবাৰী : নতুন বছৰৰ প্ৰথম দিনটোতে মৈৰাবাৰী অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰে। মৈৰাবাৰী এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা মৈৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি জনাব মেহবুব মুক্তাৰ চাহাবৰ প্ৰিয় মাতৃ, মমতাজ বেগম পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫৪ চনৰ ২ জানুৱাৰীত জন্মগ্ৰহণ কৰা শিক্ষয়িত্ৰীগৰাকী ২০১৪ চনৰ ৩১ মাৰ্চত মৈৰাবাৰী এম ই স্কুলৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭১ বছৰ।

তেখেত ধিং কলেজৰ পৰা প্ৰথম মুছলিম মহিলা গ্ৰেজুৱেট আছিল। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ পৰা এম এ পাছ কৰে। তেখেতৰ মৃত্যুৰ সময়ত দুজন পুত্ৰ সন্তান ক্ৰমে মেহবুব মুক্তাৰ আৰু ডা০ শ্বাহজাদা আহমেদ আৰু এগৰাকী কন্যা সন্তান শ্বাহানা বেগমকে ধৰি কেইবাজনো নাতি নাতিনী এৰি থৈ যায়। ২০১১ চনতে তেখেতৰ স্বামী মহৰম গিয়াচুদ্দিন মুক্তাৰৰ পৰলোক হৈছিল।

তেখেত আছিল এক অতি স্নেহময়ী, ধৈৰ্য্যশীলা আৰু সকলোৰে প্ৰিয় মাতৃ। তেখেতৰ জীৱন আছিল সৰলতা, ভালপোৱা আৰু সেৱাৰে ভৰা। পৰিয়ালৰ লগতে চুবুৰীয়া আৰু সমাজৰ বহুতে তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।

তেখেতৰ পুত্ৰ মেহবুব মুক্তাৰ চাহাবে সাংবাদিকতা আৰু সমাজসেৱাৰ ক্ষেত্ৰত যি অৱদান দি আছে, তাৰ পিছফালে তেখেতৰ মাতৃৰ আশীৰ্বাদ আৰু প্ৰেৰণা নিহিত আছিল বুলি বহুতে বিশ্বাস কৰে। এই অকাল বিয়োগে সমগ্ৰ মৈৰাবাৰী অঞ্চলৰ লোকসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

তেখেতৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে বিভিন্ন দল- সংগঠনে। লগতে বিয়লি চাৰি বজাত মৈৰাবাৰী থানাৰোড মৰ্কজ ঈদগাহ ময়দানত নামাজ পঢ়োৱা হয়।

মৈৰাবাৰী