তেৰখন বিদ্যালয়ৰ ফলাফল শূণ্য: নগাঁৱত ১০৭৪৩ অনুত্তীৰ্ণ…

তেৰখন বিদ্যালয়ৰ ফলাফল শূণ্য: নগাঁৱত ১০৭৪৩ অনুত্তীৰ্ণ…

author-image
asomiyapratidin
New Update
তেৰখন বিদ্যালয়ৰ ফলাফল শূণ্য: নগাঁৱত ১০৭৪৩ অনুত্তীৰ্ণ…

ডিজিটেল সংবাদ, নগাঁও: এফালে সফলতা ৷ আনফালে বিফলতা ৷ নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনৰ একাংশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিৰাশজনক ফলাফলে আচম্বিত কৰি তুলিছে ৷

Advertisment

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ চৰকাৰী খণ্ডৰ অধিকাংশ বিদ্যালয়ৰে ফলাফল অতি হতাশজনক আছিল ৷ যি ছয় গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনে তেওঁলোক আটায়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ।

মঙ্গলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি, নগাঁও জিলাৰ ১৩ খন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল আছিল অতি পুতৌজনক।এই বিদ্যালয় কেইখনৰ পৰা এজনো শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে।

জিলাখনত এজনো ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ নোহোৱা বিদ্যালয় কেইখন নাম হৈছে ড° বি কে বি হাইস্কুল, আমনি তিনিআলি মাধৱদেৱ হাইস্কুল, গোঁসাইবড়ি গাৰ্লচ হাইস্কুল, ৰাঙলুগাঁও জ্ঞানদ্বীপ হাইস্কুল, ৰমেশ ফুকন মেম'ৰিয়েল হাইস্কুল, লংজাপ হাইস্কুল, বালিগাঁও হাইস্কুল, শিঙিয়া পোতনি গাৰ্লচ হাইস্কুল, কনুৱামাৰী হাইস্কুল, মৰঙ্গীয়াল আহমদ আলি হাইমাদ্ৰাছা,কাঠপাৰা গাৰ্লচ হাইমাদ্ৰাছা ৷

ইয়াৰ বাহিৰেও আছে লাওখোৱা স্হিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু জুৰীয়া স্হিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নামো আছে এই তালিকাত । চৰকাৰৰ সকলো সুবিধা লাভ কৰা এই তেৰখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰাটো উদ্বেগৰ বিষয় ৷

জিলাখনৰ ১০৭৪৩ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিলে ৷ পৰীক্ষাত বহিছিল ২০৮৩৯ জন ৷ এই বৃহৎ সংখ্যক অনুত্তীৰ্ণৰ লগতে ১৩ খন বিদ্যালয়ৰ ফলাফল শূণ্য হোৱা বিষয়টো চিন্তনীয় ৷