মাটিৰ পট্টা প্ৰদান সন্দৰ্ভত শোণিতপুৰ জিলা বন অধিকাৰ সমিতিৰ প্ৰতিক্ৰিয়া

৫ নবেম্বৰত ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ৰঙাপৰাৰৰ কয়লাজুলিৰ এখন সভাত ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৭২ খন গাঁৱৰ ২৪০০ গৰাকী লোকক মাটিৰ পট্টা প্ৰদান কৰিছিল।

author-image
Asomiya Pratidin
New Update
168

ডিজিটেল সংবাদ, জামুগুৰিহাট : "আমি কোনো বাংলাদেশ বা চাইনাৰ মানুহ নহয় আমি অসমৰ ভুমিপুত্ৰ হয়" এই মন্তব্য শোণিতপুৰ জিলা বন অধিকাৰ সমিতিৰ ।

৫ নবেম্বৰত ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ৰঙাপৰাৰৰ কয়লাজুলিৰ এখন সভাত ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৭২ খন গাঁৱৰ ২৪০০ গৰাকী লোকক মাটিৰ পট্টা প্ৰদান কৰিছিল। তাৰ পৰবৰ্তী সময়ত ৭২ খন গাঁৱৰ ভিতৰত ৩৪ খনেই সোনাই-ৰূপাই অভয়াৰণ্যৰ বেদখলকাৰীক চৰকাৰে মাটিৰ পট্টা প্ৰদান কৰিলে বুলি মন্তৱ্য কৰিছিল আৰ টি আই কৰ্মী দিলীপ নাথে।

কিন্তু শোণিতপুৰ জিলা বন অধিকাৰ সমিতিয়ে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলে যিসকল লোকক মাটিৰ পট্টা প্ৰদান কৰিলে সেই লোক সোনাই-ৰূপাই অভয়াৰণ্যৰ বেদখলকাৰী নহয় বুলি স্পষ্টীকৰণ দিয়ে। এইসকল লোক প্ৰায় ৫০- ৬০ বছৰ ধৰি বসবাস কৰি থকা চাৰিদুৱাৰ বনাঞ্চলৰ হয় আমি কোনো পাকিস্তান বা চাইনাৰ মানুহ নহয় বুলি মন্তব্য কৰে শোণিতপুৰ জিলা বন অধিকাৰ সমিতিয়ে।

শোণিতপুৰ