ভূৰাপাৰাত পণ্ডিত জৱাহৰলাল নেহৰুক সশ্ৰদ্ধ স্মৰণ

স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী, পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপজা দিনটো শুকুৰবাৰে 'শিশু দিৱস' হিচাপে ৰামপুৰ ৰাজহ গাঁৱৰ অন্তৰ্গত ৩০০ নং ভূৰাপাৰা প্ৰাথমিক বিদ্যালয়ত পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
219

ডিজিটেল সংবাদ, পলাশবাৰী : স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী, পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপজা দিনটো শুকুৰবাৰে 'শিশু দিৱস' হিচাপে ৰামপুৰ ৰাজহ গাঁৱৰ অন্তৰ্গত ৩০০ নং ভূৰাপাৰা প্ৰাথমিক বিদ্যালয়ত পালন কৰা হয়। বিচিত্ৰ কুমাৰ ন্যাস, পলাশবাৰীৰ উদ্যোগত এই উপলক্ষে আয়োজিত সভাখনত সভাপতিত্ব কৰে ন্যাসৰ সভাপতি তথা সাংবাদিক বিমল শৰ্মাই।

বিদ্যালয়ৰ সহ: শিক্ষয়িত্ৰী গীতা বসুমতাৰী গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক অনিল কলিতাই পণ্ডিত জৱাহৰলাল নেহৰুৰ বিদ্যায়তনিক প্ৰতিভা, দেশভক্তি, জনপ্ৰিয়তা আৰু শিশুৰ প্ৰতি থকা অপত্য স্নেহৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। সভাখনত ন্যাসৰ সচিবপ্ৰধান তথা কৃতী শিক্ষক বিচিত্ৰ কুমাৰ,বিদ্যালয়খনৰ শিক্ষক অনন্ত দাস, ছাত্ৰীদ্বয় জিনা গোস্বামী আৰু মানসী দাস, ধীৰাজ কুমাৰ দাসে বক্তব্য আগবঢ়ায়।

কাৰ্যসূচীৰ মাজতেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথিতযশা শিল্পী খগেন মহন্তৰ 'মা আমি শদিয়ালে যামে--' আৰু গণশিল্পী জুবিন গাৰ্গৰ 'মায়াবিনী' শীৰ্ষক বহুল সমাদৃত গীত দুটা পৰিৱেশন কৰে। তদুপৰি, ছাত্ৰীসকলে দলীয় নৃত্যও প্ৰদৰ্শন কৰে। সভাৰ পূৰ্বে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচী মুকলি কৰে প্ৰধান শিক্ষক কৈলাস দাসে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভূৰাপাৰাৰ জ্যেষ্ঠ নাগৰিক ক্ৰমে জীৱেশ্বৰ দাস, লোহিত দাস, শিক্ষয়িত্ৰী ক্ৰমে ছায়ামণি শৰ্মা, মীৰা মেধি, শিক্ষক ক্ৰমে নগেন দাস, অনন্ত দাস প্ৰমুখ্যে বহুজনে অংশগ্ৰহণ কৰে। সভাৰ সভাপতি বিমল শৰ্মাই পণ্ডিত নেহৰুক এজন আন্তৰ্জাতিক খ্যাতি থকা ৰাজনৈতিক নেতা হিচাপেই নহয়, এগৰাকী প্ৰসিদ্ধ লেখক হিচাপেও দেশবাসীয়ে স্মৰণ কৰি থাকিব বুলি মন্তব্য আগবঢ়ায়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ন্যাসৰ সচিবপ্ৰধান বিচিত্ৰ কুমাৰে।

শিশু দিৱস