শ'লঠেকত পৰিল নেকি ন্যায়াধীশ যশৱন্ত বৰ্মা?

বিগত মাৰ্চ মাহত ন্যায়াধীশগৰাকীৰ দিল্লীৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই সময়ত ন্যায়াধীশ বৰ্মা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। অগ্নিকাণ্ডৰ সময়ত ন্যায়াধীশগৰাকীৰ বাসগৃহৰ বাহিৰৰ ঘৰত কেইবাটাও জ্বলি যোৱা নগদ ধনৰ বস্তা উদ্ধাৰ কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
পদত্যাগেই একমাত্ৰ বিকল্প!

পদত্যাগেই একমাত্ৰ বিকল্প!

ডিজিটেল ডেস্কঃ এতিয়া পদত্যাগেই হয়তো একমাত্ৰ বিকল্প বাকী ৰৈছেগৈ দুৰ্নীতি অভিযোগত অভিযুক্ত ন্যায়াধীশ যশৱন্ত বৰ্মাৰ। বিশেষ সূত্ৰৰ তথ্য অনুসৰি, ন্যায়াধীশ বৰ্মাই সদনত গোচৰৰ অভিযোগনামা দাখিল কৰাৰ সময়ত পদত্যাগ ঘোষণা কৰিব পাৰে। যদি তেওঁ চাকৰি এৰি দিয়াৰ কথা ঘোষণা কৰে তেন্তে মৌখিক বক্তব্যকে পদত্যাগ হিচাপে গণ্য কৰা হ’ব।

Advertisment

অৱশ্যে, ন্যায়াধীশ বৰ্মাই যদি পদত্যাগ কৰাৰ সিদ্ধান্ত লয় তেন্তে তেওঁ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দৰেই পেঞ্চন আৰু অন্যান্য সুবিধা লাভ কৰিব। কিন্তু সংসদে তেওঁক অপসাৰণ কৰিলে পেঞ্চন আৰু অন্যান্য সুবিধা লাভ কৰিব নোৱাৰিব। সংবিধানৰ ২১৭ নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে তেওঁৰ স্বাক্ষৰেৰে ৰাষ্ট্ৰপতিক উদ্দেশ্যি লিখিতভাৱে পদৰ পৰা পদত্যাগ বিচাৰিব পাৰে। ইয়াৰ বাবে কোনো অনুমোদনৰ প্ৰয়োজন নাই।

উল্লেখযোগ্য যে, বিগত মাৰ্চ মাহত ন্যায়াধীশগৰাকীৰ দিল্লীৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই সময়ত ন্যায়াধীশ বৰ্মা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। অগ্নিকাণ্ডৰ সময়ত ন্যায়াধীশগৰাকীৰ বাসগৃহৰ বাহিৰৰ ঘৰত কেইবাটাও জ্বলি যোৱা নগদ ধনৰ বস্তা উদ্ধাৰ কৰা হৈছিল। ন্যায়াধীশ বৰ্মাই এই নগদ ধনৰ উৎসৰ কথা নাজানো বুলি দাবী কৰিলেও উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত সমিতিয়ে কেইবাজনো সাক্ষীৰ সৈতে কথা পাতি তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰি ন্যায়াধীশ যশৱন্ত বৰ্মাক দোষী সাব্যস্ত কৰে। 

ন্যায়াধীশ