ইউপিপিএল দলৰ পৰা পদত্যাগ খাম্পা বৰগয়াৰীৰ

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলত মোক্ষম আঘাত । ইউপিপিএল দলৰ পৰা পদত্যাগ বিটিচি পৰিষদীয় বিধানসভাৰ বিৰোধী দলৰ নেতা খাম্পা বৰগয়াৰীৰ

author-image
Asomiya Pratidin
New Update
203

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলত মোক্ষম আঘাত । ইউপিপিএল দলৰ পৰা পদত্যাগ বিটিচি পৰিষদীয় বিধানসভাৰ বিৰোধী দলৰ নেতা খাম্পা বৰগয়াৰীৰ ।

ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰদান কৰি দলৰ উপ সভাপতি তথা প্ৰাথমিক সদস্যতাৰ পৰাও পদত্যাগ নেতাগৰাকীৰ। উল্লেখ্য যে,  বিপিএফ দলৰ পৰা ইউপিপিএল দললৈ যোগদান কৰি পাৰিষদ হিচাপে নিৰ্বাচিত হৈছিল বৰগয়াৰী । জানিব পৰা মতে কাইলৈ চিৰাঙৰ কাজলগাঁৱত বিপিএফ দলৰ দিছপুৰ চলো যাত্ৰা কাৰ্য্যসূচীত পুনৰ যোগদান কৰাৰ চৰ্চা চলি আছে ।

WhatsApp Image 2026-03-01 at 10.59.11 PM

ইফালে UPPLৰ পৰা পদত্যাগ কৰিছে কেন্দ্রীয় সম্পাদক আফজল খানেও। UPPLৰ প্রাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে খানে।

খাম্পা বৰগয়াৰী