/asomiyapratidin/media/media_files/2025/08/30/web-ap-uron-khetu-2025-08-30-14-54-37.jpg)
ডিজিটেল ডেস্কঃ ফ্লাই অভাৰৰ চহৰ হিচাপে পৰিচিত হৈ পৰা গুৱাহাটী মহানগৰীৰ অতি গুৰুত্বপূৰ্ণ আৰ জি বৰুৱা ৰোডত নিৰ্মাণ হৈ আছে গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণ সেতুখন।ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী নিৰ্মাণৰত এই উৰণ সেতুখনৰ বাবেই এতিয়া এই পথেৰে যাতায়ত কৰা সকলো শ্ৰেণীৰ লোককেই জীয়াতু ভোগাইছে।
নিৰ্মাণৰত অৱস্থাত থকা এই উৰণসেতুখনে ইতিমধ্যে কেইবাজনো ব্যক্তিৰ প্ৰাণ কাঢ়িছে। তাৰ পিছতো চৰম দায়িত্বহীনতা আৰু গুৰুত্বহীনতা প্ৰদৰ্শন কৰিছে উৰণ সেতুখনৰ নিৰ্মাণৰকাৰী প্ৰতিষ্ঠানৰ লগতে লোক নিৰ্মাণ বিভাগে।
লক্ষ্যণীয় বিষয় যে, এই পথটোৰ লগতেই চানমাৰি অঞ্চলত লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যালয়টোও অৱস্থিত। এই কাৰ্যালয়লৈ অহা বিভাগটোৰ শীৰ্ষতম বিষয়াৰ পৰা আৰম্ভ কৰি সকলো কৰ্মচাৰীয়েই বিধ্বস্ত হৈ পৰা পথটোৰে অহা যোৱা কৰে যদিও সেই বিধ্বস্ত ৰূপ দেখিও, ভুক্তভোগী হৈয়ো অজ্ঞাত কাৰণত সকলোৱেই মূকবধিৰ হৈ পৰিছে।
এনে পৰিস্থিতিৰ এই পথটো ব্যৱহাৰ কৰা মহানগৰীৰ সকলো শ্ৰেণীৰ লোকৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই লোক নিৰ্মাণ বিভাগৰ নিৰ্লিপ্তাৰ বিৰুদ্ধে, পথটো চলাচলৰ উপযোগী কৰি তুলিবলৈ আৰু উৰণ সেতুখনৰ নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। বিধ্বস্ত পথটোৰেই কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে প্ৰতিবাদী সমদল উলিয়াই লোক নিৰ্মাণ বিভাগৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰি দুৱাৰৰৰ সন্মুখত বিভিন্ন প্ৰতিবাদী শ্লোগান আওঁৰাই প্ৰতিবাদী আছু কৰ্মীসকলে।
মন কৰিবলগীয়া যে, এই উৰণ সেতুখনৰ নিৰ্মাণ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ৩ জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। তাৰোপৰি বিভিন্ন সময়ত সংঘটিত দুৰ্ঘটনাত আহত শ্ৰমিক, পথাচাৰী আৰু সাধাৰণ নাগৰিকৰ কোনো সীমা সংখ্যা নাই।
শ্ৰমিকৰ সুৰক্ষাৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়াৰ ফলতেই কাম কৰি থকাৰ অৱস্থাতে ভিন্ন সময়ত তিনিজন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। তাৰোপৰি উৰণ সেতুখনৰ তলত অতি বিশৃংখলভাৱে পেলাই থোৱা নিৰ্মাণ সামগ্ৰীসমূহেও বিপদ মাতি আনিছে।
যাৰ বাবে বামুণীমৈদাম, চানমাৰি, শিলপুখুৰী আদি অঞ্চলত পথেৰে গৈ থকা কেইবাখনো বাহনত ৰদ সোমাই ক্ষতিগ্ৰস্ত হৈছে। বহু দুচকীয়া বাহন নষ্টও হৈছে। একেদৰে উৰণ সতুৰ তলত পথত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাত। সেই গাতত পৰি বিকল হৈছে, দুৰ্ঘটনাগ্ৰস্ত হৈছে বহু বাহন।
এইদৰেই এতিয়া ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী পথটোত নিৰ্মিয়মান উৰণ সেতুখনে যমৰ যাতনা দিছে পথাচাৰীক। সেয়ে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই শীঘ্ৰেই পথটো মেৰামতি আৰু উৰণ সেতুখনৰ নিৰ্মাণ তীব্ৰ কৰিবলৈ দাবী উত্থাপন কৰে। তাৰোপৰি সকলো দেখিও নেদেখাৰ অভিনয় কৰা লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে।