/asomiyapratidin/media/media_files/2026/03/01/200-2026-03-01-20-09-51.jpg)
ডিজিটেল ডেস্ক : মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে পুনৰ সৃষ্টি হৈছে আন এক ভয়াৱহ পৰিস্থিতিৰ। এইবাৰ চাইপ্ৰাছত অৱস্থিত যুক্তৰাজ্যৰ সামৰিক ঘাটিসমূহৰ দিশে মিছাইল নিক্ষেপ কৰিছে ইৰাণে।
দুটাকৈ মিছাইল নিক্ষেপ কৰাৰ কথা ইতিমধ্যে সদৰী কৰিছে প্ৰতিৰক্ষা সচিব জন হিলিয়ে। ইয়াৰ ফলত উভয় পক্ষতে সৃষ্টি হৈছে আতংকৰ। কেইবাজনো নিহত হোৱাৰ লগতে কুৰিৰো অধিক লোক আহত হোৱাৰ কথা জানিব পৰা গৈছে।
ইৰাণৰ এই প্ৰতিশোধমূলক কাৰ্যকলাপ অৱ্যাহত থকাৰ মাজতে নিক্ষেপ কৰা মিছাইলে ৬জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে আৰু ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথমাৱস্থাত ৪জন লোকৰ মৃত্যু নিশ্চিত কৰিছিল যদিও ধ্বংসস্তূপৰ মাজৰ পৰা আন দুজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীৰ উদ্ধাৰকাৰী দলে। ইতিমধ্যে আহতসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে হেলিকপ্টাৰেৰে অভিযান চলাই থকাৰ কথা জানিব পৰা গৈছে।
ইফালে এনে ভয়াৱহ পৰিস্থিতিৰ গুৰুত্ব বুজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া গুজৰাট, ৰাজস্থান আৰু তামিলনাডু ভ্ৰমণ সামৰি দিল্লীত দেওবাৰে নিশা ৯-৩০ বজাত আয়োজন কৰিছে এখন বিশেষ বৈঠক। এই বৈঠক মূলতঃ প্ৰবাসী ভাৰতীয়সকলৰ কথা চিন্তা কৰি আয়োজন কৰা হৈছে। তাৰোপৰি নিৰাপত্তা, কূটনীতি আৰু অৰ্থনীতিৰ প্ৰভাৱ হ'ব এই বৈঠকৰ মূল আলোচ্য বিষয়।
উল্লেখযোগ্য যে, যুদ্ধই অস্থিৰ কৰা মধ্যপ্ৰাচ্যত আছে ভালেসংখ্যক ভাৰতীয় লোক। ইতিমধ্যে মধ্যপ্ৰাচ্যত অবাধ গতিত চলি থকা এনে অস্থিৰ পৰিৱেশে আতংকিত কৰিছে প্ৰবাসী ভাৰতীয় লোককসকলক। সেয়ে অপাৰেচন অজয় আৰু গাংগাৰ সহায়ত আতংকিত প্ৰবাসী ভাৰতীয়সকলক উদ্ধাৰৰ বাবে পৰিকাঠামো প্ৰস্তুত কৰিব আজিৰ এই বৈঠকত। এই বৈঠকত বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰে হ’ব কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা।
তাৰোপৰি এই যুদ্ধই ভাৰতীয় অৰ্থনীতিত পেলাব পৰা প্ৰভাৱৰ সম্পৰ্কতো কেতবোৰ আলোচনা কৰিব। কূটনৈতিক আলোচনাইও পাব বিশেষ স্থান। খাৰুৱা তেলৰ আমদানি ক্ষেত্ৰতো হ'ব গুৰুত্বপূৰ্ণ আলোচনা।
উল্লেখযোগ্য যে, প্ৰবাসী ভাৰতীয়সকলৰ বাবে ভাৰতীয় দূতাবাসে ইতিমধ্যে মুকলি কৰিছে সহায়ক নম্বৰ। তলত জৰুৰীকালীন হেল্পলাইন নম্বৰসমূহ দিয়া হৈছে :
- কুৱেইট
+৯৬৫ ৬৫৫০১৯৪৬ নম্বৰত যোগাযোগ কৰিব পাৰে - ওমান
৮০০৭ ১২৩৪ (টোল ফ্ৰী)
+৯৬৮ ৯৮২৮ ২২৭০ (ৱাটছএপ) - ইৰাণ
+৯৮৯১২৮১০৯১১৫
+৯৮৯১২৮১০৯১০২ - চৌদি আৰব
+৯৮৯১২৮১০৯১১৯
+৯৮৯৯৩২১৭৯৩৫৯
০০-৯৬৬-১১-৪৮৮৪৬৯৭ নম্বৰত যোগাযোগ কৰিব পাৰে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us