জামুগুৰিহাটৰ তৌভঙাৰ নবিল ব্ৰহ্মগাঁৱত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

জামুগুৰিহাটৰ‌ তৌভঙা নবিল ব্ৰহ্মগাঁৱত মঙলবাৰে পুৱা ৰঞ্জিত নাৰ্জাৰী নামৰ যুৱকজনে নিজৰ ঘৰৰ পথৰ ওপৰত এটি বিৰল প্ৰজাতিৰ কাছ প্ৰত্যক্ষ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-21 at 9.41.04 PM

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ‌ তৌভঙা নবিল ব্ৰহ্মগাঁৱত মঙলবাৰে পুৱা ৰঞ্জিত নাৰ্জাৰী নামৰ যুৱকজনে নিজৰ ঘৰৰ পথৰ ওপৰত এটি বিৰল প্ৰজাতিৰ কাছ প্ৰত্যক্ষ কৰে। প্ৰকৃতিপ্ৰেমী যুৱক জনে বিৰল প্ৰজাতিৰ কাছটো কোনো দুষ্ট লোকে পাই হত্যা কৰি খাই পেলোৱাৰ আশংকাত আলফুলে উদ্ধাৰ কৰি নিজৰ ঘৰলৈ নিয়ে৷

প্ৰকৃতিপ্ৰেমী সচেতন যুৱক ৰঞ্জিত নাৰ্জাৰীয়ে জানিবলৈ দিয়া অনুসৰি, এই বিৰল প্ৰজাতি কাছটিক তেওঁ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত এৰি দিয়াৰ ব্যৱস্থা কৰিব৷ এনে ধৰণৰ জীৱ জন্তু খাদ্য সন্ধানত ওলাই আহিলে হত্যা কৰাৰ পৰা বিৰত থাকি সংৰক্ষণৰ ব্যৱস্থা কৰা অথবা সংৰক্ষিত ঠাইত এৰি দিবলৈ আহ্বান জনাইছে যুৱক জনে৷ এই গৰাকী প্ৰকৃতি প্ৰেমী যুৱকৰ মহানতাক সকলো ৰাইজে একেমুখে প্ৰশংসা কৰিছে৷

কাছ