হাটশিঙিমাৰীত ৭৭তম গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰ অনুষ্ঠিত হ’ব দেশৰ ৭৭তম গণৰাজ্য দিৱস।

author-image
Asomiya Pratidin
New Update
egreerrfewfded

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰ অনুষ্ঠিত হ’ব দেশৰ ৭৭তম গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰ আটকধূনীয়াকৈ সজাই তোলা হৈছে।

১৮ জানুৱাৰীৰ পৰা আৰম্ভ কৰা পেৰেডৰ অন্তিম তথা চুৰান্ত অনুশীলন আজি বিয়লি সামৰণি পৰে। অনুশীলনৰ লগতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি পৰ্যবেক্ষণৰ বাবে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সিংহৰাম মিলি খেলপথাৰত পৰিদৰ্শন কৰে। অসম আৰক্ষী, বেটেলিয়ান, গৃহৰক্ষী জোৱান আৰু এনচিচিৰ লগতে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ মুঠ ১৪টাকৈ পেৰেডৰ দলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশ ল’বলৈ ইতিমধ্যে পেৰেডৰ অনুশীলন সম্পন্ন কৰিছে।

ইফালে, গণৰাজ্য দিৱস উপলক্ষে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ উন্মক্ত চৰ আৰু নদী এলেকাত বিএছএফে ২৪ ঘণ্টা কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহন কৰিছে। গণৰাজ্য দিৱসৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক শাক্তিশালী কৰি তোলা হৈছে জিলাখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত।

একেদৰে জিলাখনত চলাচল কৰি থকা বাহন সমূহৰ লগতে বহিঃ ৰাজ্য বা অন্য জিলাৰ পৰা যাতায়ত কৰা প্ৰতিটো বাহন আৰক্ষীয়ে নাকাৰ জৰিয়তে তালাচী চলাই আহিছে। আন আন বছৰৰ দৰে সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে গণৰাজ্য দিৱস উদযাপনৰ পৰা জিলা প্ৰশাসনে প্ৰস্তুতি সম্পন্ন কৰাৰ বিপৰীতে আৰক্ষী প্ৰশাসনে বিএছএফৰ সহযোগত জিলাখনৰ নিৰাপত্তা নিশ্চিত কৰিছে।

মানকাচৰ