মঙলদৈত ২৪ ঘণ্টাই উৰিব ৰাষ্ট্ৰীয় পতাকা...

আজি গণতন্ত্ৰ দিৱসৰ দিনৰ পৰাই মঙলদৈ নদীৰ তীৰত উৰিল ২৪ ঘণ্টাই উৰি থকা ৰাষ্ট্ৰীয় পতাকা। মঙলদৈৰ বিধায়ক বসন্ত দাসৰ বিধায়ক উন্নয়ন পুঁজিৰ পৰা ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হয় এই বিশাল পতাকাখন।

author-image
Asomiya Pratidin
New Update
701

ডিজিটেল সংবাদ, মঙলদৈ : আজি গণতন্ত্ৰ দিৱসৰ দিনৰ পৰাই মঙলদৈ নদীৰ তীৰত উৰিল ২৪ ঘণ্টাই উৰি থকা ৰাষ্ট্ৰীয় পতাকা। মঙলদৈৰ বিধায়ক বসন্ত দাসৰ বিধায়ক উন্নয়ন পুঁজিৰ পৰা ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হয় এই বিশাল পতাকাখন।

১০০ ফুট উচ্চতাত উৰিব লগীয়া ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘল ৩০ ফুট আৰু বহল ২০ ফুট আছে। পৰ্যাপ্ত পোহৰৰ ব্যবস্থাৰে ২৪ ঘণ্টাই মঙলদৈ নদীৰ বিসৰ্জন ঘাটত উৰিব পতাকাখন। বিধায়ক বসন্ত দাসে পতাকা উত্তোলন কৰা অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ পৌৰ সভাৰ পৌৰপতি নিৰ্মালি দেৱী শৰ্মাকে ধৰি বিশিষ্ট নাগৰিকসকল।

পতাকা উত্তোলন কৰি বিধায়ক বসন্ত দাসে কয় যে দেশৰ আন আন প্ৰান্তৰ লগতে মঙলদৈকো আগবঢ়াই নিবৰ,মঙলদৈখন আটোম টোকাৰিকৈ ধুনীয়া কৰিবলৈ এয়া আমাৰ প্ৰয়াস। গুৱাহাটীৰ কামাখ্যা বিমানবন্দৰ আদিত থকা পতাকা কেইখনৰ দৰে এই পতাকাখনো পৰ্যাপ্ত পোহৰত দিনে ৰাতিয়ে ২৪ ঘণ্টা উৰি থাকিব। এই পতাকাখনৰ চোৱা চিতাৰ দায়িত্বত মঙলদৈ পৌৰ সভা থাকিব।

মঙলদৈ