গহপুৰত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন...

সমগ্ৰ দেশৰ লগতে গহপুৰ সমজিলাতো ৭৭ সংখ্যক গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে গহপুৰ পেৰেড গ্ৰাউণ্ডত উদযাপন কৰা হয়। গহপুৰ বৰপুখুৰী পাৰত অৱস্থিত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যুগল মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। 

author-image
Asomiya Pratidin
New Update
jgkjhjkhjkhjkhjkhjhkjhjhkjhjhhj

ডিজিটেল সংবাদ, গহপুৰ: সমগ্ৰ দেশৰ লগতে গহপুৰ সমজিলাতো ৭৭ সংখ্যক গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে গহপুৰ পেৰেড গ্ৰাউণ্ডত উদযাপন কৰা হয়। আজিৰ উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে মুখ্য অতিথি তথা গহপুৰ সমজিলা আয়ুক্ত আদিত্য প্ৰতাপ সিঙে গহপুৰ বৰপুখুৰী পাৰত অৱস্থিত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যুগল মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। 

পৰৱৰ্তী কাৰ্যসূচীত সমজিলা আয়ুক্তই গহপুৰ পেৰেড গ্ৰাউণ্ডত কুচ-কাৱাজত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ লগতে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে। তাৰপিছৰ কাৰ্যসূচীত অসম পুলিচ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থীসহিতে সমজিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বমুঠ ১৩টা দলে কুচকাৱাজ প্ৰদৰ্শন কৰে। 

ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত সমজিলাৰ বিভিন্ন বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে আৰু সেই কাৰ্যসূচীৰ অন্তত সমজিলাৰ শ্বহীদ আৰু মুক্তিযোদ্ধাৰ পৰিয়াল বৰ্গক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচীত ক্ৰিছ নৃত্যকলা প্ৰতিষ্ঠান আৰু সাৰ্বজনীন কলা কেন্দ্ৰৰ দ্বাৰা দেশ প্ৰেমমূলক দুটি নৃত্য প্ৰদৰ্শন কৰা হয়।  

আজিৰ অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী হিচাপে কুচকাৱাজ আৰু প্ৰতীকপট প্ৰতিযোগীতাৰ বঁটা বিতৰণ আৰু বছৰৰ বিভিন্ন বঁটা প্ৰাপ্ত ব্যক্তিসকলৰ নাম ৰাজহুৱাভাৱে ঘোষণা কৰা হয়। 

উল্লেখযোগ্য যে,  আজি উদযাপনত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, কাৰ্যবাহী দণ্ডাধীশ সকল, সমজিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰ, পৌৰসভা তথা পঞ্চায়তৰ প্ৰতিনিধি সকল, ছাত্ৰ-ছাত্ৰীসকল আৰু স্থানীয় ৰাইজৰ সহিতে প্ৰায় ৩ সহস্ৰাধিক লোক উপস্থিত থাকে।

গহপুৰ গণৰাজ্য দিৱস