/asomiyapratidin/media/media_files/2026/01/26/new-ap-web-2026-01-26-08-45-08.jpeg)
ডিজিটেল ডেস্ক : আজি দেশে উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ভাৰতত ২৬ জানুৱাৰীত উদযাপন কৰা গণৰাজ্য দিৱস আমাৰ দেশৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন।
এই দিনটোত আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগতে ভাৰতক স্বাধীন, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। গণৰাজ্য দিৱসত পেৰেড অনুষ্ঠিত হয়, পতাকা উত্তোলন কৰা হয়।
ভাৰতৰ সংবিধান ২ বছৰ, ১১ মাহ, ১৮ দিনৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সম্পূৰ্ণ হৈছিল। কিন্তু ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে ২৬ জানুৱাৰী কিয় বাছি লোৱা হৈছিল? এই তাৰিখৰ আঁৰৰ কাহিনী আৰু ইতিহাস জানো আহক।
২৬ জানুৱাৰীৰ ঐতিহাসিক তাৎপৰ্য কি?
১৯৩০ চনৰ ২৬ জানুৱাৰীত লাহোৰ অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে “পূৰ্ণ স্বৰাজ” দাবী কৰি ঘোষণা কৰে। ২৬ জানুৱাৰীত সংবিধান বলবৎ কৰি ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ সংগ্ৰাম সম্পূৰ্ণ কৰি এক নতুন যুগৰ সূচনা কৰিলে। আজিৰ দিনটোতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ সংগ্ৰাম সম্পূৰ্ণ কৰি গণতান্ত্ৰিক যুগৰ সূচনা কৰে। এই দিনটো বাছি লৈ দেশখনে ১৯৩০ চনৰ পূৰ্ণ স্বৰাজ দিৱসক স্মৰণ কৰে।
গণৰাজ্য দিৱসৰ তাৎপৰ্য কি?
গণৰাজ্য দিৱস ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধৰ উদযাপন। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে আমি সকলোৱে সমান আৰু দেশৰ শাসন ব্যৱস্থাত অংশীদাৰিত্ব আছে। এই দিৱসটোৱে দেশৰ বহু জাতি, সংস্কৃতি, ধৰ্মৰ মাজত একতাৰ সুযোগ প্ৰদান কৰে। গণৰাজ্য দিৱসে আমাক সোঁৱৰাই দিয়ে আমাৰ সংবিধানৰ গুৰুত্ব, যিয়ে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ সংজ্ঞা নিৰ্ধাৰণ কৰে।
২৬ জানুৱাৰীয়ে ভাৰতৰ নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। আজিৰ দিনটোত আমি সংবিধান গ্ৰহণৰ উদযাপন কৰোঁ। আমাৰ সংবিধানে সকলোৰে বাবে ন্যায়, স্বাধীনতা, সমতা, আৰু ভ্ৰাতৃত্ববোধৰ পৰিচয়। গণৰাজ্য দিৱসে আইনক সন্মান কৰিবলৈ, আমাৰ দেশক সন্মান কৰিবলৈ, জাতি আৰু সমাজৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰিবলৈ শিকায়। এই দিৱসটোৱে ঐক্য, দেশপ্ৰেম, আৰু এখন উন্নত ভাৰত গঢ়াত সক্ৰিয় অংশগ্ৰহণৰ প্ৰেৰণা যোগায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us