/asomiyapratidin/media/media_files/2026/02/08/68-2026-02-08-15-49-21.jpg)
ডিজিটেল ডেস্ক : দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'ৰিপ'ৰ্টাৰ এন ই'ৰ চতুৰ্থ বৰ্ষপূতি অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন হয়। জ্যোতি চিত্ৰবনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অসমৰ কেইবাগৰাকী সাংবাদিক তথা সংবাদ কৰ্মীক সংবাদ গোষ্ঠীটোৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-image-2-2026-02-08-16-30-15.jpeg)
একেদৰে শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, আজিৰ অনুষ্ঠানত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক এডিটৰ তথা জ্যেষ্ঠ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈলৈ সংবাদ প্ৰেৰণা ২০২৫ বঁটা আগবঢ়োৱা হয়। একেদৰে সুশীল পাটোৱাৰীলৈ সংবাদ সূৰ্য বঁটা ২০২৫ প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-image-2026-2026-02-08-16-30-31.jpeg)
এই বঁটা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ হাতৰ পৰা গ্ৰহণ কৰে পাটোৱাৰীয়ে। বঁটা গ্ৰহণ কৰি তেওঁ কয়- ৰিপ’ৰ্টাৰ এন ইয়ে সূক্ষ্মদৃষ্টিৰে সাংবাদিকৰ কাম লক্ষ্য কৰি বঁটা প্ৰদান কৰিছে। মৃদুল কুমাৰ সন্দিকৈ আদিৰ দৰে যুক্তিবাদী লেখকক এই বঁটাৰ বাবে নিৰ্বাচন কৰাত সন্তুষ্টি প্ৰকাশ কৰে। তাৰোপৰি প্ৰতিগৰাকী বঁটাপ্ৰাপকৰ কৰ্মৰ মূল্যায়ন কৰিছে সংবাদ গোষ্ঠীটোৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-image-2-2026-02-08-16-30-49.jpeg)
ইফালে বিনয় কলিতাক বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা, অৰূপজ্যোতি মহন্তক ছপা মাধ্যমৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা, উজ্জ্বল কুমাৰ দাসক শ্ৰেষ্ঠ ভিডিঅ’ সাংবাদিকতা বঁটাৰ উপৰি আন আন লোকসকলক বিভিন্ন বঁটাৰে সন্মানিত কৰে সংবাদ গোষ্ঠীটোৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-image-2-2026-02-08-16-31-04.jpeg)
প্ৰাণিধানযোগ্য যে, আৰ জে সুজিতাই আঁত ধৰা উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ বৰাই। আদৰণী ভাষণ প্ৰদান কৰে মুখ্য সম্পাদক আফনুৰ আলীয়ে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন গোস্বামীয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰা অনুষ্ঠানটিত ভালেসংখ্যক লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us