বিটিচিৰ বিজেপি পাৰিষদ তথা প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জীহাৰীৰ পদত্যাগ

বিটিচি নিৰ্বাচনত বিপিএফ দলৰ হৈ নিৰ্বাচন জিকি  পাৰিষদ হোৱা ৰেওৰেওৱা নাৰ্জীহাৰীয়ে পৰবৰ্তী সময়ত বিপিএফ দলক লেং মাৰি বিজেপি দলত যোগদান কৰে আৰু বিটিচিৰ কাৰ্যবাহী সদস্য পদ লাভ কৰে।

author-image
Asomiya Pratidin
New Update
dsd

ডিজিটেল সংবাদ,কোকৰাঝাৰ:   আজি বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে এসময়ৰ প্ৰবল প্ৰতাপী বিপিএফৰ নেতা পিছলৈ বিজেপিৰ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জীহাৰীয়ে।

Advertisment

বিপিএফৰ পৰা বিজেপি গমন কৰা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ পাৰিষদ ৰেওৰেওৱা নাৰ্জীহাৰীয়ে বিটিচি নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ পৰা পদত্যাগ কৰাত বিজেপিৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হোৱা নাই যদিও বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ যমদুৱাৰ বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত পাৰিষদ হ'ল ৰেওৰেওৱা নাৰ্জীহাৰী। যোৱা বিটিচি নিৰ্বাচনত বিপিএফ দলৰ হৈ নিৰ্বাচন জিকি  পাৰিষদ হোৱা ৰেওৰেওৱা নাৰ্জীহাৰীয়ে পৰবৰ্তী সময়ত বিপিএফ দলক লেং মাৰি বিজেপি দলত যোগদান কৰে আৰু বিটিচিৰ কাৰ্যবাহী সদস্য পদ লাভ কৰে।

কিন্তু যোৱা সাত মাহ মান পূৰ্বে এখন সভাত গপত গঙ্গাটোপ হৈ ৰেওৰেওৱা নাৰ্জীহাৰীয়ে মিত্ৰদল ইউপিপিএলৰ মূৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক ক্ষুৰাধাৰ সমালোচনা কৰে। মুকলি সভাত প্ৰমোদ বড়োক সমালোচনা কৰাৰ পিছতেই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তাৰেই পৰিণতিত ৰেওৰেওৱা নাৰ্জাৰীৰ কাৰ্যবাহী সদস্য পদ  কটা যায়।

ৰেওৰেওৱা নাৰ্জীহাৰীয়ে কাৰ্যবাহী সদস্য পদ ঘূৰাই পাব বুলি আশা পালি আছিল যদিও পদ ঘূৰাই নোপোৱাত ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত হয়। এই সন্দৰ্ভত আজি কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ৰেওৰেওৱা নাৰ্জীহাৰীয়ে ব্যক্তিগত, শাৰীৰিক, আধ্যাত্মিক আৰু আৰ্থিক কষ্টৰ বাবে পদত্যাগ কৰা বুলি প্ৰকাশ কৰিছে।

বিজেপিৰ প্ৰাথমিক সদস্যপদৰ পৰাৰ পদত্যাগ কৰা বুলি প্ৰকাশ কৰি তেওঁৰ পদত্যাগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৰেওৰেওৱা নাৰ্জীহাৰীয়ে। তদুপৰি দলটোক কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ নেতৃত্বই তেওঁক অনুপ্ৰাণিত কৰি বিটিআৰৰ জনতাক সেৱা কৰাৰ সুযোগ দিছে বুলি পদত্যাগ পত্ৰত মন্তব্য কৰিছে ৰেওৰেওৱা নাৰ্জীহাৰীয়ে।

তদুপৰি বিটিচি মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি তেওঁৰ সমৰ্থন অব্যাহত থাকিব বুলি পদত্যাগপত্ৰত উল্লেখ কৰিছে। উল্লেখ্য যে ৰেওৰেওৱা নাৰ্জীহাৰীৰ পদত্যাগ পত্ৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি,ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিটিচি বিধানপৰিষদৰ অধ্যক্ষলৈও প্ৰতিলিপি প্ৰেৰণ কৰিছে।

ৰেওৰেওৱা নাৰ্জীহাৰী