/asomiyapratidin/media/media_files/2025/11/01/109-2025-11-01-20-35-52.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ গৰৈমাৰী নিবাসী, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক টঙ্কেশ্বৰ হাজৰিকা আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩বছৰ।
৩৬ নং গৰৈমাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত অতি অমায়িক শিক্ষকজনৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। গাঁওবাসী ৰাইজে আজি তেখেতৰ শৱদেহ লৈ গৰৈমাৰীস্থিত তেখেতে শিক্ষকতা কৰা বিদ্যালয়, গৰৈমাৰী নামঘৰ আদিলৈকে এক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে ৰাইজ বিভিন্ন দল সংগঠনে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ।
উল্লেখ্য যে তেখেতে ১৯৯২ চনত প্ৰয়াত ৰাষ্ট্ৰপতি ড° শঙ্কৰ দয়াল শৰ্মাৰ পৰা দিল্লীত ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us