'প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভালপোৱা কিয় জানো মৰহি যায়...' গাবলৈ তেওঁ আৰু নাই

আজি উৰুকাৰ দিনটোতে ৰাজ্যবাসীৰ বাবে আহিল এটা দুঃখবৰ। বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা আৰু আমাৰ মাজত নাই। পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে।

author-image
Asomiya Pratidin
New Update
new ap web 1

ডিজিটেল ডেস্কঃপ্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভালপোৱা কিয় জানো মৰহি যায়...’- এই গীত গাবলৈ আৰু তেওঁ নাই। আজি উৰুকাৰ দিনটোতে ৰাজ্যবাসীৰ বাবে আহিল এটা দুঃখবৰ। বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা আৰু আমাৰ মাজত নাই। পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে আজি পুৱাৰ ভাগত উশাহ লোৱাত কষ্ট পাইছিল। আৰু অৱশেষত তেওঁ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যায়।

পুৱা প্ৰায় ৮.৪৫ বজাত ইহঃলীলা সম্বৰণ কৰে যশস্বী সংগীত শিল্পীগৰাকীয়ে। ইফালে, শেষবাৰৰ বাবে স্বামীৰ গাত হাত বুলাইছে বিশিষ্ট শিল্পীগৰাকীৰ পত্নীয়ে।স্বামীৰ মৃত্যুত শোক ভাগি পৰিছে তেওঁ। আনহাতে, সমৰ হাজৰিকাৰ বিয়োগৰ খবৰ পোৱাৰ পিছতে তেওঁৰ বাসগৃহত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মনীষা হাজৰিকাৰ লগতে আন বহু গুণমুগ্ধ আৰু গণ্য-মান্য ব্যক্তি।

সমৰ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয় যে- বহু দিনৰ পৰানিউমনিয়া ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। পূৰ্বে হাস্পতালত ভৰ্তি কৰা হৈছিল। যোৱা প্ৰায় দুসপ্তাহৰ পৰা ঘৰতে আছিল। এটা অতি দুখ লগা কথা যে আমাৰ পৰিয়ালৰ আটাইতকৈ কনিষ্ঠজন গুচি গল আমাৰ মাজৰ পৰা।

ইফালে, মন্ত্ৰী বিমল বড়াই সদৰী কৰা অনুসৰি, গুৱাহাটীৰ চানমাৰীস্থিত আকাশবাণী গুৱাহাটীৰ কাৰ্যালয়লৈ লৈ যোৱা হব শিল্পীগৰাকীৰ মৃতদেহ। আকাশবাণীত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত সদৌ অসম দীপক সংঘৰ কাৰ্যালয়লৈ লোৱা যোৱা হব সমৰ হাজৰিকাৰ নশ্বৰ দেহ। আৰু অৱশেষত আজিয়েইৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষ বিদায় জনোৱা হব প্ৰয়াত শিল্পীগৰাকীক।

উল্লেখযোগ্য যে, আধুনিক গীত, লোকসংগীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ সমৰ হাজৰিকাৰ সৃষ্টি অসমীয়া সংগীত ভাণ্ডাৰৰ এক অমূল্য সম্পদ।  তেখেত অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল৷ তেখেতৰ প্ৰথম এলবামটি আছিল "উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী"।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সদ্য প্ৰয়াত সমৰ হাজৰিকা। ১৯৬০চনত সংগীত জীৱন আৰম্ভ কৰা সমৰ হাজৰিকাৰ প্ৰথমটি এলবাম ১৯৬৮চনত মুক্তি লাভ কৰিছিল। হাজৰিকাৰ সুমধুৰ সংগীতসমূহ অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ। অত্যন্ত মৃদুভাষী, সৌম্য আৰু পৰিশীলিত জীৱনৰ অধিকাৰী এই মহান শিল্পী গৰাকীয়ে অসমৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰিছিল।

উল্লেখযোগ্য যে, শিল্পী হাজৰিকাই বোৱাৰী, প্ৰভাতী পখীৰ গান, উপ পথ আদি বহুকেইখন অসমীয়া চিনেমাত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰি অন্য মাত্ৰা প্ৰদান কৰিছিল। একেদৰে তেওঁ ভালেকেইটা একক আৰু দ্বৈত এলবামতো কণ্ঠ দিছিল। তেওঁ কণ্ঠ নিগৰোৱা প্ৰায়কেইটা গানেই শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেখেত কেৱল গায়কেই নাছিল, তেখেত আছিল এগৰাকী দক্ষ বিচাৰক। অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰিছিল। 

তাৰোপৰি বিভিন্ন কৰ্মশালাত প্ৰশিক্ষক হিচাপে দায়িত্ব লৈ বহু শিল্পীৰ উত্থানত যোগাইছিল অনন্য বৰঙণি। সংগীতৰ সুৰ- তাল- লয়, শব্দৰ প্ৰক্ষেপণ, উচ্চাৰণ আদিক লৈ যথেষ্ট সজাগ আৰু সচেতন আছিল তেওঁ। ভাৰতীয় খাদ্য নিগমৰো কৰ্মচাৰীও আছিল সমৰ হাজৰিকা। 

ড০ হিমন্ত বিশ্ব শৰ্মা বিমল বৰা মন্ত্ৰী বিমল বৰা