বিশিষ্ট অভিনেতা-নাট্যকাৰ গনেশ হাজৰিকা আৰু নাই

কৰচোং সত্ৰ নিৱাসী বিশিষ্ট অভিনেতা, নাট্যকাৰ, নাটক পৰিচালক গনেশ হাজৰিকাৰ দেওবাৰে নিশা অকাল বিয়োগ ঘটে। ৫৩ বছৰীয়া হাজৰিকা কিছুবছৰ ধৰি শ্বিলঙৰ এটা কম্পেনীৰ মেডিকেল বিভাগত কৰ্মৰত হৈ আছিল।

author-image
Asomiya Pratidin
New Update
18

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাইডঙীয়া কৰচোং সত্ৰ নিৱাসী বিশিষ্ট অভিনেতা, নাট্যকাৰ, নাটক পৰিচালক গনেশ হাজৰিকাৰ দেওবাৰে নিশা অকাল বিয়োগ ঘটে। ৫৩ বছৰীয়া হাজৰিকা কিছুবছৰ ধৰি শ্বিলঙৰ এটা কোম্পানীৰ মেডিকেল বিভাগত কৰ্মৰত হৈ আছিল। 

কালি কোম্পানীৰ কামৰ বাবে গৈ থকা অৱস্থাত শ্বিলঙতে পথ দুৰ্ঘটনাত তেওঁ থিতাতে নিহত হয়। ৰাইডঙীয়া অঞ্চলৰ গৌৰৱ, বিশিষ্ট অভিনেতা, নাট্যকৰ্মী গৰাকীয়ে বহু নাটক লিখি, পৰিচালনা কৰাৰ ওপৰিও অভিনয় প্ৰতিভাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

WhatsApp Image 2025-10-20 at 8.46.39 AM

অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, উৎপল দাস আদি বহু জনপ্ৰিয় শিল্পীৰ ঘনিষ্ঠ গনেশ হাজৰিকাই অসমৰ বহু মঞ্চত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। হাজৰিকাই অঞ্জনা, বীন বৈৰাগী, এক আছিল ভকত, বিশ্বাসে মিলয় হৰি আদি বহু চুটি ছবিত অভিনয় কৰাৰ লগতে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কেইবাটাও খণ্ডত ভুমুকি মাৰিছিল। 

শেহতীয়াকৈ মুক্তিৰ পথত থকা সিদ্ধাৰ্থ শৰ্মাৰ লগত অভিনয় কৰা এখন নতুন অসমীয়া বোলছবিতো অভিনয় কৰিছিল। বৰ্তমান তেখেতৰ নশ্বৰদেহ শ্বিলঙৰ চৰকাৰী হস্পাতালতে মৰনোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে আৰু বিয়লি আহি ৰাইডঙীয়া কৰচোং সত্ৰৰ নিজ বাসগৃহলৈ অনা হ'ব বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

অভিনেতা