ডিজিটেল ডেস্কঃ নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে ব্যৱহৃত ধনৰ পৰিমাণ ২০২২ বৰ্ষৰ চুলনাত ২০২৩ বৰ্ষত ৬৩ শতাংশ বৃদ্ধি পাইছে। এই বৰ্ষটোত নবীকৰণযোগ্য শক্তি প্ৰকল্পত ব্যয় আৰু বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছিলগৈ ৩০২৫৫ কোটি টকা।
২০২৪ চনত কয়লা বনাম আৰ ই বিনিয়োগ শীৰ্ষক এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, কয়লা শক্তি প্ৰকল্পত বিত্তীয় সাহাৰ্য হ্ৰাস পাইছে। কয়লা শক্তি আৰু খনন কোম্পানী সমূহক প্ৰদান কৰা কোৰ্পাৰেট বিত্তীয় ঋণৰ পৰিমাণ ৩ বিলিয়ন ডলাৰ।
২০২৩ চনত নবীকৰণযোগ্য শক্তিৰ চুক্তিক বিশেষভাৱে আধিপত্য বিস্তাৰ কৰিছে সৌৰশক্তি প্ৰকল্পই। এই প্ৰকল্পই চুক্তি ৪৯ শতাংশ,হাইবিট প্ৰকল্পই ৪৬ শতাংশ সাঙুৰি লৈছে। নবীকৰণযোগ্য শক্তিৰ গুৰুত্ব একেৰাহে তৃতীয় বছৰৰ বাবে বৃদ্ধি পাইছে।
এই প্ৰকল্পৰ বাবে ৮.৭৭ জি ৱাট শক্তি আহৰণৰ বাবে ঋণ আগবঢ়োৱা হৈছে। বাণিজ্যিক বেংক সমূহে নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে ৬৮ শতাংশ ঋণ প্ৰদান কৰিছে। সৰ্বাধিক ঋণ লাভ কৰা ৰাজ্যসমূহৰ ভিতৰত আছে গুজৰাট,কৰ্ণাটক আদি।