উৰিয়াগাঁৱত শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ আৰু মাহেকীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন

উৰিয়াগাঁও আঞ্চলিক যুৱক বৃন্দৰ উদ্যোগত আৰু অঞ্চলটোৰ সমূহ ৰাইজৰ সহযোগত অহা ১৯ অক্টোবৰত উৰিয়াগাঁও খেলপথাৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত স্মৃতিচাৰণ আৰু মাহেকীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
497

ডিজিটেল সংবাদ,উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক যুৱক বৃন্দৰ উদ্যোগত আৰু অঞ্চলটোৰ সমূহ ৰাইজৰ সহযোগত অহা ১৯ অক্টোবৰত উৰিয়াগাঁও খেলপথাৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত স্মৃতিচাৰণ আৰু মাহেকীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । জানিব পৰা মতে সেইদিনা কাৰ্যসূচী অনুসৰি পুৱা নাহৰ পুলি ৰোপণ,জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,নাম প্ৰসংগ,কীৰ্তন পাঠ,দুপৰীয়া প্ৰসাদ বিতৰণ আৰু অন্ন স্পৰ্শৰ অন্তত দিহানাম পৰিবেশন কৰা হ'ব।

সন্ধ্যা বন্তি প্ৰজ্বলন, সমূহীয়া প্ৰাৰ্থনা আৰু সমবেত কণ্ঠত "মায়াবিনী"শীৰ্ষক কালজয়ী গীতটো পৰিবেশন কৰা হ'ব। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জুবিন গাৰ্গৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব।

উক্ত অনুষ্ঠানলৈ বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমনি নাথ, নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জনপ্রিয় অভিনেতা যতীন বৰা, নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, বিশিষ্ট বাঁহীবাদক প্ৰাঞ্জল বৰা আদিক আমন্ত্ৰণ জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। অনুষ্ঠানটোত অঞ্চলটোৰ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।

জুবিন গাৰ্গ উৰিয়াগাঁও