শিৱসাগৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ

 অসমীয়া সাহিত্যৰ পথাৰ  চহাই সাহিত্যৰ   বীজ সিঁচি অসমীয়া সাহিত্যৰ ভেটি গঢ়া বৰেণ্য অসমীয়া গৰাকীৰ ওপজা দিন উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিৱসাগৰঃ  আজি  ভাষা ওজা হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিন।  ১৮৩৫ খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত মুক্তাৰাম বৰুৱাৰ ঔৰষত জন্মগ্ৰহণ কৰা বৰেণ্য অসমীয়া গৰাকীক সুঁৱৰিছে ৰাজ্যবাসীয়ে। অসমীয়া সাহিত্যৰ পথাৰ  চহাই সাহিত্যৰ   বীজ সিঁচি অসমীয়া সাহিত্যৰ ভেটি গঢ়া বৰেণ্য অসমীয়া গৰাকীৰ ওপজা দিন উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।

অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক।‘ অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়। হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত। ১৮৯৬ চনত  তেখেতৰ মৃত্যু হয়। 

আজি পবিত্ৰ দিনটোত শিৱসাগৰ বাতৰি কাকত হকাৰ সন্থা,ইলোৰা বিজ্ঞান মঞ্চ শিৱসাগৰ শাখা আৰু হেমচন্দ্ৰ বৰুৱা পথৰ ব্যৱসায় সন্থা উদ্যোগত ভাষা ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯১ সংখ্যক জন্ম জয়ন্তী পালন কৰে। শিৱসাগৰ চহৰত থকা  হেমচন্দ্ৰ বৰুৱা আৱক্ষ মূৰ্তিৰ সন্মুখত আজি পুৱা বন্তি প্ৰজ্বলন আৰু মাল্যপণ কৰা হয়।

 তাৰ পাছতে এক স্মৃতিচৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।এই অনুষ্ঠানত উপস্থিত ৰংপুৰ সাহিত্য সভা সভাপতি হেম বৰুৱা, দিলীপ ফুকন, সাহিত্যিক সোনাৰাম বৰুৱা,হেমচন্দ্ৰ বৰুৱা পথৰ ব্যৱসায়ী সন্থাৰ সম্পাদক ৰাজু নাথকে ধৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

শিৱসাগৰ