খানাপাৰাত প্ৰাকৃতিক কৃষি সম্পৰ্কীয় আঞ্চলিক সমাৰোহৰ আয়োজন

খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শনিবাৰে প্ৰাকৃতিক কৃষি সম্পৰ্কীয় এখনি আঞ্চলিক সমাৰোহৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
natural farming

ডিজিটেল সংবাদ, গুৱাহাটীঃ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শনিবাৰে প্ৰাকৃতিক কৃষি সম্পৰ্কীয় এখনি আঞ্চলিক সমাৰোহৰ আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু ইম্ফলস্থিত জৈৱিক আৰু প্ৰাকৃতিক কৃষি আঞ্চলিক কেন্দ্ৰৰ উদ্যোগত তথা কৃষি বিভাগ, অসম আৰু স্বাতী, জি আই জেদ, ভাৰতৰ সহযোগত আয়োজিত এই সমাৰোহত কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, গোৱালপাৰা আৰু বাক্সা জিলাৰ কৃষকসকলে যোগদান কৰে।

জৈৱিক আৰু প্ৰাকৃতিক কৃষি আঞ্চলিক কেন্দ্ৰৰ কনিষ্ঠ বৈজ্ঞানিক ড°প্ৰৱীণ ভ'ত্লাই আঁত ধৰা সমাৰোহত ৰাসায়নিক সাৰ বিহীন কৃষিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নৱতম সংযোজন, পাৰিপাৰ্শ্বিক কৃষি, অসমত প্ৰাকৃতিক কৃষিৰ গুৰুত্ব ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়।

efgdfgfgggggggg

সভাত কৃষি বিজ্ঞান কেন্দ্ৰ, কাঁহিকুঁচিৰ মুৰব্বী ড°সোণমইনা ভূঞাই প্ৰাকৃতিক কৃষিৰ গুৰুত্ব সম্পৰ্কত বক্তব্য প্ৰদান কৰে। একেদৰে স্বাতী, জি আই জেদ, ভাৰতৰ কৃষি উপদেষ্টা প্ৰদীপ্ত কে. চান্দে স্বাতীয়ে ৰাসায়নিক সাৰ বিহীন কৃষিৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা সম্পৰ্কে বিতংকৈ জনায়।

fdgdfgdfgerrrrrrr

উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসমৰ সঞ্চালক নৃপেন চন্দ্ৰ দাসে কৃষকসকলক উদ্দেশ্যি প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ পাৰ্থক্য, গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য ৰাখে। উক্ত অনুষ্ঠানতে উপস্থিত প্ৰগতিশীল কৃষকসকলে তেওঁলোকৰ প্ৰাকৃতিক কৃষিৰ অভিজ্ঞতা সম্পৰ্কে জনায়।

fbhhhhhhhhhhhhhhhhhhdfrfdddd

অনুষ্ঠানৰ শেষত প্ৰাকৃতিক কৃষিৰ প্ৰয়োজনীয়তা, পদ্ধতি তথা এই পদ্ধতি গ্ৰহণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু প্ৰাকৃতিক কৃষিৰ সুযোগ, প্ৰত্যাহ্বান আৰু কৌশল সম্পৰ্কেও দুখন পেনেলত আলোচনা কৰা হয়। কৃষি বিভাগ, অসমৰ প্ৰাকৃতিক কৃষি কোষৰ ৰাজ্যিক ন'ডেল বিষয়া মানবেন্দ্ৰ নাথ শৰ্মাৰ সামৰণি ভাষণ তথা শলাগৰ শৰাইৰে সমাৰোহৰ অন্ত পৰে।

খানাপাৰা