ৰেগাম সোৱণশিৰী মহাবিদ্যালয়ে ঘূৰাই পালে পৰীক্ষা কেন্দ্ৰ

অৱশেষত বৃহত্তৰ ৰেগাম সোৱণশিৰী অঞ্চলৰ শিক্ষাৰ্থীসকললৈ আহিল শুভ সংবাদ । পূৰ্বৰ দৰে সমাগত ষান্মাষিক পৰীক্ষা এইবাৰো ৰেগাম সোৱণশিৰী মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰতে অনুষ্ঠিত হ'ব ।

author-image
Asomiya Pratidin
New Update
137

ডিজিটেল সংবাদ, ঢকুৱাখনা : অৱশেষত বৃহত্তৰ ৰেগাম সোৱণশিৰী অঞ্চলৰ শিক্ষাৰ্থীসকললৈ আহিল শুভ সংবাদ । পূৰ্বৰ দৰে সমাগত ষান্মাষিক পৰীক্ষা এইবাৰো ৰেগাম সোৱণশিৰী মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰতে অনুষ্ঠিত হ'ব ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শেহতীয়া এক নিৰ্দেশনাযোগে এই ঘোষণা কৰা হৈছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ পি কে কাকতিয়ে ৪ নৱেম্বৰত মেম' নম্বৰ ডি ইউ /চি অ ই/২০২৫ /৪৪২ যোগে ৰেগাম সোৱণশিৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষলৈ প্ৰেৰণ কৰা এক নিৰ্দেশনা জৰিয়তে মহাবিদ্যালয়খনত পৰীক্ষা কেন্দ্ৰটো অব্যাহত থাকিব বুলি জনাইছে ।

শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নেতৃস্থানীয় প্ৰতিনিধিৰ সতে হোৱা আলোচনাৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে । নিৰ্দেশনাটোত অহা ১১নৱেম্বৰৰ  পৰা অনুষ্ঠিত হব লগা ২০২৫বর্ষৰ ষান্মাষিক পৰীক্ষা মহাবিদ্যালয় কেন্দ্ৰত সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে মহাবিদ্যালয়ৰ প্ৰবক্তা কুমুদ চুতীয়াক ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব অৰ্পণ কৰিছে ।

উল্লেখযোগ্য যে সোৱণশিৰী ৰেগাম সোৱণশিৰী মহাবিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি কেন্দ্ৰিক এক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগতে এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে যোৱা ৩১অক্টোবৰত মেম' নম্বৰ ডি ইউ /চি অ ই/২০২৫ /৪৪০ নং নিৰ্দেশনাৰ জৰিয়তে মহাবিদ্যালয়খনৰ স্নাতক ষান্মাষিকৰ পৰীক্ষা কেন্দ্ৰটো বাতিল কৰি গোগামুখ মহাবিদ্যালয়ত পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থী সকলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাননী জাৰি কৰিছিল ।

WhatsApp Image 2025-11-05 at 1.54.43 PM

পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ,অভিভাৱক ,পৰিচালনা সমিতি আৰু মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰা এই সিদ্ধান্ত বাতিল কৰি পৰীক্ষা কেন্দ্ৰটো পুনৰ মহাবিদ্যালয়লৈ উভতাই দিয়াৰ সমজুৱা দাবী উত্থাপন কৰা হৈছিল । বিষয়টো স্থানীয় শিক্ষাসদী আৰু মিচিং জাতীয় সংগঠনৰ জিলা আৰু কেন্দ্ৰীয় নেতৃত্বই শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক সাক্ষাৎ কৰি শিক্ষাৰ্থীসকল সন্মুখীন হব লগা জটিল সমস্যাৰ কথা অৱগত কৰি হস্তক্ষেপ কামনা কৰিছিল । 

শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক বিষয়টো পুনৰীক্ষণ কৰাৰ নিৰ্দেশ দিছিল । অন্যহাতে মহাবিদ্যালয়ৰ পৰা পৰীক্ষা কেন্দ্ৰ উঠাই দিয়া বিশ্ববিদ্যালয়ৰ তাৎক্ষণিক সিদ্ধান্তৰ পাছত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ।

ছাত্ৰ- ছাত্ৰীসকলে পৰীক্ষা বর্জনৰ দৰে সিদ্ধান্ত গ্ৰহণৰ মতামত ব্যক্ত কৰিছিল ।এনে গভীৰ অনিশ্চয়তাৰ মাজতে শেহতীয়াভাৱে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে পূৰ্বৰ পৰীক্ষা কেন্দ্ৰ বাতিলৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰি মহাবিদ্যালয়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । বিশ্ববিদ্যালয়ৰ এই সময়োপযোগী পদক্ষেপৰ বাবে অভিভাৱক , শিক্ষক, শিক্ষাৰ্থী, পৰিচালনা সমিতি আৰু মিচিং জাতীয় সংগঠনসমূহে শলাগ লৈছে ।

ঢকুৱাখনা