/asomiyapratidin/media/media_files/2025/11/26/ap-web-2-7-2025-11-26-20-03-51.jpg)
ডিজিটেল ডেস্কঃ ক্ৰমাগতভাৱে পোহৰলৈ আহিছে দিল্লী বিস্ফোৰণৰ ঘটনাৰ আঁৰৰ বহু তথ্য। ফৰিদাবাদৰ মাদ্ৰাছাৰ লগতে জেইছ-ই-মহম্মদৰ গোপন কাৰ্যকলাপৰ বিষয়ে বহু প্ৰশ্ন উত্থাপন হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-20-10-08.jpeg)
উল্লেখ্য যে ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্তত ফৰিদাবাদত নিৰ্মাণাধীন এটা মাদ্ৰাছাক লক্ষ্য কৰি লোৱা হৈছিল। নিয়া আৰু দিল্লী আৰক্ষীৰ যুটীয়া দলে সন্দেহ প্ৰকাশ কৰিছে যে এই গোপন গাঁথনিটো জেইছ-ই-মহম্মদৰ গুপ্ত মুখ্য কাৰ্যালয় আছিল। মাদ্ৰাছাখন আল-ফালাহ বিশ্ববিদ্যালয়ৰ পৰা ২ কিঃমিঃ দূৰত্বত নিৰ্মাণ কৰা হৈছিল।
তাৰোপৰি এই গাঁথনিটোৱে দিল্লী বিস্ফোৰণৰ পৰিকল্পনাৰ কেন্দ্ৰ আছিল নেকি? ইমানেই নহয় মাদ্ৰাছাৰ ভেটিটো ভূমিৰ পৰা ১০ ফুট তললৈ খন্দা হৈছিল । মাদ্ৰাছাখনত ৫ ফুট ডাঠ কংক্ৰিটৰ দেৱালো আছে যিয়ে বিস্ফোৰণৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ কথাও পোহৰলৈ আহিছে।
আনফালে ২৪ ডিচেম্বৰত নিয়াই মাদ্ৰাছা, বিশ্ববিদ্যালয় আৰু ড০ মুজাম্মিল শ্বকীলৰ বাসগৃহও পৰিদৰ্শন কৰিছিল । মুজাম্মিলে বিত্তীয় সাহায্য প্ৰদান কৰাৰ লগতে জেইছ-ই-মহম্মদৰ সৈতে সম্পৰ্ক থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে। মাদ্ৰাছাখন মৌলভি ইষ্টিয়াকৰ নামত পঞ্জীয়ন কৰা হৈছে আৰু এই মাদ্ৰাছাখন পুঁজিৰ ব্যৱস্থা কৰিছিল ড০ মুজাম্মিলে । ইপিনে মুজাম্মিল আছিল জেইছ-ই-মহম্মদৰ মহিলা শাখাৰ মুৰব্বী আৰু মাদ্ৰাছাখন জেইছ-ই-মহম্মদৰ গোপন কাৰ্যকলাপৰ এক কেন্দ্ৰবিন্দু আছিল ।
প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাত পাকিস্তানী সেনাৰ এজন চিকিৎসকো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। ইফালে নিয়াই এই ঘটনা সন্দৰ্ভত সন্দেহৰ ভিত্তিত ২২ জন লোকৰ নামৰ এখন তালিকা প্ৰকাশ কৰিছিল, য'ত ১২ জন চিকিৎসক আৰু ৫ জন অভিযন্তা অন্তৰ্ভুক্ত আছিল। ইপিনে এতিয়ালৈকে চিকিৎসক,ব্যৱসায়ীকে আদি কৰি ৭ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।ইপিনে চাৰিজন চিকিৎসকে ক্ৰিপ্টোৰ জৰিয়তে ২৬ লাখ টকা সংগ্ৰহ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-20-16-34.jpeg)
জানিব পৰা মতে, অভিযুক্ত শ্বাহীনে বিভিন্ন স্থানত উগ্ৰপন্থী কেন্দ্ৰৰো সৃষ্টি কৰিছিল। এই তথ্য সন্দৰ্ভত নিয়াই নিজ তদন্ত অব্যাহত ৰখাৰ লগতে এখন জাননী জাৰি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us