শিৱসাগৰত অসমীয়া মহাজাতি পুনৰ গঠনৰ উদ্দেশ্যে চাওল্যুং চুকাফাৰ আদৰ্শ প্ৰতিষ্ঠাৰ প্ৰয়াস

চ্যাওলুং চ্যুকাফাৰ অসমীয়া জাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া ( ১২২৮ - ২০২৮) উদযাপন সমিতিৰ সৌজন্যত আৰু চ্যুকাফা অধ্যয়ন কেন্দ্ৰ শিৱসাগৰ ছোৱালী কলেজৰ সহযোগত এখনি তত্বগধুৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । 

author-image
Asomiya Pratidin
New Update
57

ডিজিটেল সংবাদ, শিৱসাগৰ : ক্ৰমাৎ থান-বানৰ উপক্ৰম হোৱা মহাজাতি অসমীয়া স্বৰ্গদেউ চুকাফাৰ আদৰ্শে পুনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে দেওবাৰে চ্যাওলুং চ্যুকাফাৰ অসমীয়া জাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া ( ১২২৮ - ২০২৮) উদযাপন সমিতিৰ সৌজন্যত আৰু চ্যুকাফা অধ্যয়ন কেন্দ্ৰ শিৱসাগৰ ছোৱালী কলেজৰ সহযোগত এখনি তত্বগধুৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ।

এই বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰকৃতিবিদ ড° হেমজিৎ দেওধাই ফুকন। তেওঁ কয় – ভাষা, সংস্কৃতি, প্ৰকৃতি চ্যুকাফাৰ দৰ্শন আছিল। নিজ দৰ্শনক আগুৱাই নিবলৈ চ্যুকাফাই সাতৰাজক লগত লৈ আগবাঢ়িছিল। কিন্ত সাতৰাজ মাৰি বা সামৰি আগবঢ়া নাছিল। চ্যুকাফাৰ দৰ্শন মহিলা অবিহনে আগবঢ়া নাছিল। এই দৰ্শনত মহিলাৰ তাঁতশালৰ পৰা কৃষি কৰ্মলৈকে ভূমিকা আছিল অতুলনীয়।

চ্যুকাফাৰ সমাজ ব্যৱস্থাৰ দৰ্শনক যদি গৱেষণা কৰা নহয় তেন্তে কেৱল আহোমৰ যুদ্ধ কেইখনৰ কথা কয় থাকিলে নহ’ব । চ্যুকাফাই প্রকৃতিক লগত লৈ যোৱা এক অনন্য ব্যৱস্থাৰে সমাজ পৰিচালিত কৰাৰ যি দৰ্শন এৰি গৈছে ইয়াক একাকাৰ কৰি আগবাঢ়িলে নহ’ব।

চ্যুকাফাই এৰি যোৱা এই দৰ্শনক মোমাই তামুলী বৰবৰুৱাই সঠিক দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত চ্যুকাফাৰ পিছত চ্যুকাফাৰ দৰ্শনক শ্ৰীমন্ত শংকৰদেৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰিছিল যদিও এই দর্শন এক ধর্মীয় দৰ্শন আছিল। চ্যুকাফাৰ ভাষা, সংস্কৃতি, প্রকৃতি, সমন্বয় আদি বিলাকক একেলগ কৰি এই নব্য দর্শনে আগবঢ়াই নিব পৰা নাছিল বুলি হেমজিৎ দেওধাই ফুকনে উল্লেখ কৰে।

WhatsApp Image 2025-10-26 at 8.08.02 PM (1)

বিশিষ্ট শিক্ষাবিদ তথা উদযাপন সমিতিৰ স্থায়ী সভাপতি ড° কমলজ্যোতি গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যাপক সঞ্জয় দাসে। চ্যুকাফা অধ্যয়ন কেন্দ্ৰৰ সাধাৰণ সম্পাদক জয়ন্ত পাটৰে বক্তৃতা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় ১২২৮ খ্ৰীষ্টাব্দৰ পূৰ্বেও এই ভূখণ্ড আছিল আৰু ইয়াত বিভিন্ন জনগোষ্ঠী আছিল ৷ কিন্তু চাওল্যুং চুকাফাই সকলোকে লৈ মহাজাতি অসমীয়া গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷

তেওঁ কয় ১৮২৬ চনত বেলি মাৰ যোৱা নাছিল, ৰাজনৈতিক ৰেহৰূপ হে সলনি হ’ল ৷ স্বৰ্গদেউ চুকাফাৰ আদৰ্শ আৰু মহান উদ্দেশ্য নতুন প্ৰজন্মৰ মাজলৈ নিব লাগিব ৷ ২০২৮ চনত স্বৰ্গদেউ চুকাফাক স্মৰণ কৰাৰ সুযোগ আমি লাভ কৰিম ৷ সেই সুযোগ নেহেৰুৱাবৰ বাবে জয়ন্ত পাটৰে সকলোকে আহ্বান জনায় ৷

বক্তৃতা অনুষ্ঠানত উপস্থিত থাকি শিৱসাগৰ ছোৱালী কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপক প্রবীন শৰ্মাই উল্লেখ কৰে – ‘অসমীয়া’ বুলি স্বৰ্গদেউ সকলৰ চত্ৰছাঁয়াতে জন্ম লাভ কৰা জাতিটোকহে আমি সকলোৱে বুজি উঠিছিলো। এই মহাজাতিটোৰ শিপা ডাল শিৱসাগৰতে আছে ৷ 

নগাঁও জিলাৰ চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা  উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনুষ্ঠানত অংশগ্ৰহণ কৰি ড° ইন্দ্ৰজিত বেজবৰুৱাই কয়- ১৪০ কোটি ভাৰতীয়ৰ মাজত খিলঞ্জীয়া অসমীয়াৰ সংখ্যা প্ৰায় ১'৮ শতাংশ ৷ এনেক্ষেত্ৰত আমাৰ জাতীয় পৰিচয় কি হ’ব ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ কালৰ গতিত আমাৰ পৰিচয় হেৰাব নেকি ?

WhatsApp Image 2025-10-26 at 8.08.02 PM

পৰিচয় পুনৰ উদ্ধাৰ আৰু প্ৰতিষ্ঠা কৰিব লাগিব ৷ ড° বেজবৰুৱাই কয় যদি মাৰাঠী সকলে শিৱাজীক লৈ গৌৰৱ কৰিব পাৰে তেনে আমি স্বৰ্গদেউ চুকাফাক লৈ কিয় গৌৰৱ কৰিব নোৱাৰোঁ ৷ হুমুনিয়াহ আৰু হাহাকাৰ লৈ এটা জাতি জীয়াই থাকিব নোৱাৰে ৷ তেওঁ কয় আমি ৬০০ বছৰীয়া প্ৰক্ৰিয়াত আমি অসমীয়া হ’লো ৷

ইয়াৰ বাহিৰটো আৰু বহু ৰৈ আছে ৷ এই সকলক লৈ মহাজাতি গঠন কৰিব লাগিব ৷ ইয়াৰ ধাৰণা ইতিহাসত লুকাই আছে ৷ চুকাফাৰ দৰ্শনৰ যোগেদি নতুন গাঠনি সৃষ্টি হৈছিল ৷ সেই দৰ্শনৰ পথ পৰৱৰ্তীকালৰ স্বৰ্গদেউসকলৰ জীৱন প্ৰবাহৰ মাজেৰে পৰিচালিত হৈ আছো বুলি তেওঁ কয় ৷

শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড০ প্ৰতীম শৰ্মাইবক্তৃতা অনুষ্ঠান উদ্বোধন কৰি কয় যে - পাটকাই অতিক্ৰম কৰি স্বৰ্গদেউ চ্যাওলুং ছ্যকাফাই ১২২৮ খ্ৰীষ্টাব্দত বৰ অসমক সামৰি এটা নতুন জাগৰণৰ সৃষ্টি কৰিছিল। স্বৰ্গদেউৰ এই জাগৰণ এক ক্রান্তিকাৰী আছিল।

আহোম ৰাজ শাসনৰ এই দৰ্শনক জানিবৰ বাবে বৌদ্ধিক চিন্তা বিলাক আগুৱাই আহিব লাগিব। বৌদ্ধিক চিন্তা বিলাকক বহুল পৰিসৰলৈ লৈ গ’লেহ আহাম স্বৰ্গদেউ সকলৰ দৰ্শন আৰু শাসন প্ৰণালীৰ বিষয়ে বুজি উঠিব বুলি অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে।

আলোচনাচক্ৰ সঞ্চালনা কৰা ড° কমলজ্যোতি গগৈয়ে কয় যে নিজেই জীয়াই থকা আৰু আনকো জীয়াই ৰখা চাওল্যুং চুকাফাৰ নীতি আছিল ৷ স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি হয় ৷ জ্ঞানৰ চৰ্চাও বুৰঞ্জী ৰচনা সময়ৰে পৰা হৈছে ৷

সাংস্কৃতিক উদাৰতা আৰু ধৰ্মীয় নিৰপেক্ষতা আছিল স্বৰ্গদেউৰ অন্যতম গুণ ৷ তেওঁ সোণাপুৰৰ পৰা ষ্টীলৱেল পথলৈকে স্বৰ্গদেউ চুকাফাৰ নামত চাহ পথ নিৰ্মাণ কৰি বিদেশী পৰ্যটকক আকৰ্ষণৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে ৷ এই বক্তৃতানুষ্ঠানত মঞ্চত উপস্থিত থাকে বিশিষ্ট বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাই, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অৰুন গগৈ, বিজ্ঞানী ড০ সুমেন্দ্ৰ বুঢ়াগোহাঁই, হেমন্ত গগৈ আদি । 

শিৱসাগৰ