/asomiyapratidin/media/media_files/2026/02/07/61-2026-02-07-20-43-14.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : দিন দুপৰতে চিনেমাৰ কায়দাৰে ধুবুৰী চহৰত এজন বাইক আৰোহীক ৰাজপথত বগৰাই লৈ একাংশ উদণ্ড লোকে প্ৰাণে মৰাৰ চেষ্টা কৰা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত অভিযোগ অনুসৰি, আজি পুৱা ৯-০০ মান বজাত ধুবুৰী চহৰৰ ১০ নম্বৰ ৱাৰ্ডৰ নুনিয়াপট্টি অঞ্চলৰ বাসিন্দা প্ৰকাশ কুমাৰ শ্বাহ নামৰ ব্যক্তিগৰাকীয়ে নিজৰ কন্যাক লৈ হ্যেপি কনভেণ্ট স্কুললৈ যায়।
স্কুল পোৱাৰ প্ৰাকমুহূৰ্তত বিদ্যাপাৰা দুই নম্বৰ পুলিচ পইণ্ট পোৱাৰ লগে লগে এখন ই-ৰিক্সাই টাৰ্ণিং লওঁতেই প্ৰকাশ কুমাৰ শ্বাহৰ মটৰ চাইকেলখনক খুন্দা মাৰে। ফলত তেওঁৰ স্কুলীয়া কন্যা সন্তানসহ তেওঁ ছিটিকি পৰি যায়।
স্থানীয় একাংশ লোকে কণমানি ছাত্ৰী গৰাকী আৰু তেওঁৰ পিতৃ প্ৰকাশ কুমাৰ শ্বাহক উদ্ধাৰ কৰে। ঘটনাৰ পিছতেই ই-ৰিক্সা চালকক গালি দিয়াৰ লগতে ই-ৰিক্সাখনৰ এখন ফটো তেওঁৰ মোবাইলত আবদ্ধ কৰি আইনৰ আশ্ৰয় ল'ব বুলি কৈ নিজ কন্যাক স্কুলত থ'বলৈ যায়।
ইপিনে হ্যেপি কনভেণ্টৰ পৰা পোনে পোনে ধুবুৰী সদৰ আৰক্ষী থানা অভিমুখে যাত্ৰা কৰাৰ সময়তে দুই নম্বৰ পুলিচ পইণ্টৰ ওচৰ পোৱাৰ লগে লগে প্ৰকাশ কুমাৰ শ্বাহক ৰাজপথতেই আবদ্ধ কৰি মটৰ চাইকেলসহ তেওঁক বগৰাই পেলাই ছয় জনীয়া দল এটাই মাৰপিট আৰম্ভ কৰে।
আনকি প্ৰকাশ কুমাৰ শ্বাহৰ পিন্ধনত থকা টি চাৰ্টৰে তেওঁৰ মুখ বান্ধি লৈ ভয়ংকৰ ভাবে মাৰপিট কৰে। পিছত একাংশ স্থানীয় ৰাইজে বাইক আৰোহি লোকজনক উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পিছত ঘটনা সংক্ৰান্তত ধুবুৰী সদৰ আৰক্ষী থানাত ভুক্তভোগী লোকজনে এখন এজাহাৰ দাখিল কৰে।
এজাহাৰখনত উল্লেখ কৰা মতে, বাইক আৰোহী লোকজনৰ পকেটৰ পৰা নগদ ৪৫ হাজাৰ টকা লুটি নিয়ে আক্ৰমনকাৰী দলটোৱে। ইপিনে আৰক্ষীয়ে আহত লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই তদন্ত আৰম্ভ কৰিছে যদিওঁ বাতৰি লিখা পৰলৈকে কোনো এজন আক্ৰমনকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।
দিন দুপৰতেই ধুবুৰী চহৰৰ ব্যস্তময় ৰাজপথত এজন লোকক দলবদ্ধ ভাবে আক্ৰমণ কৰা ঘটনাই সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us