/asomiyapratidin/media/media_files/2025/11/07/150-2025-11-07-11-00-42.jpg)
ডিজিটেল সংবাদ, তামাৰহাট : তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানকাৰী সংস্থাৰ কাণ্ডজ্ঞানহীন কাণ্ড পোহৰলৈ আহিছে । কোনো ধৰণৰ বিকল্প পথৰ ব্যৱস্থা নকৰাকৈ যাতায়ত কৰা দলং ভাঙি নিৰ্মান কৰি আছে পকী দলং ।
ফলত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে সেইবাখন গাঁৱৰ ৰাইজে । বাঁহৰ খুটাত এডাল তামোল গছ আঁৰি তাৰ ওপৰেদি অব্যাহত বিপদজনক যাতায়ত ।
শ্ৰীৰামপুৰৰ পৰা ধুবুৰী ফুলবাৰী ব্ৰিজলৈকে নিৰ্মীয়মান ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত আছে জাণ্ডু ইন্ফ্ৰটেক নামৰ নিৰ্মানকাৰী সংস্থা । ৰাষ্ট্ৰীয় ঘাইপথ সংস্থাটোৱে গদাধৰ নৈৰ ওপৰত ৰ নিৰ্মান কৰিবা লগা হৈছে পকী দলং । কিন্তু পকী দলং নিৰ্মাণৰ বাবে ভাঙি দিয়ে পূৰ্বে থকা আলোকঝাৰী-মধ্যপেটলা সংযোগী দলং ।
সংস্থাটোৱে কোনো ধৰণৰ যাতায়তৰ ব্যৱস্থা কৰি নিদিয়াৰ বাবে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে কেইবাখনো গাঁৱৰ ৰাইজে । অতি সোনকালে যাতায়তৰ বাবে উপ দলং নিৰ্মাণৰ দাবী তুলিছে ৰাইজে ।
আনহাতে উক্ত স্থানত নিৰ্মান কৰি থকা পকী দলংখনতো দুৰ্নীতি চলাই থকাৰ অভিযোগ উঠিছে । এন এইছ ডি ছি এল কৰ্তৃপক্ষক দলং নিৰ্মাণত হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজৰ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us