/asomiyapratidin/media/media_files/2026/02/12/113-2026-02-12-18-57-20.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : পাকিস্তানৰে গৌৰৱ গগৈৰ সম্পৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। খুমটাইৰ কেপ্তেইন জিন্টু গগৈৰ বাসগৃহত উপস্থিত হৈ গৌৰৱ গগৈক সমগ্ৰ বিষয় সন্দৰ্ভত শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে।
গৌৰৱ গগৈক লৈ গৌৰৱ কৰে আহোম জনগোষ্ঠীয়ে, কিন্তু চিৰবৈৰী পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হোৱাত ক্ষুন্ন হৈছে সমগ্ৰ আহোম সমাজ। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত অতি শীঘ্ৰেই যদি স্পষ্টকৈ মতামত প্ৰকাশ নাপাই তেন্তে গৌৰৱ গগৈৰ ওপৰত উথা অভিযোগ সত্য বুলি প্ৰতিপন্ন হ'ব আৰু অনাগত দিনত পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণ কৰিব নেকি বুলি সন্দেহ প্ৰকাশ আটাছুৰ সভাপতিগৰাকীৰ।
স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত যাতে কোনোও ৰাজনীতি নকৰে তাৰ আহ্বান জনাই মিলন বুঢ়াগোহাঁয়ে। আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত দুখ প্ৰকাশ কৰে শ্বহীদ জিন্টু গগৈৰ পিতৃ-মাতৃয়ে। চিৰবৈৰী পাকিস্তান সন্দৰ্ভত এনে সংযোগৰ ষ্পৰ্শকাতৰ বিষয় সন্দৰ্ভত ৰাজনীতি হোৱাটো অনুচিত বুলি মন্তব্য কৰে পিতৃ-মাতৃয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us