ডিজিটেল সংবাদ, তেজপুৰ : কংগ্ৰেছে ২০২৬ ত অসমত চৰকাৰ গঠনৰ অলিক সপোন দেখিছে। সমাগত নিৰ্বাচন লৈ লক্ষ্য কৰি এনে সপোনৰ বক্তব্য দিবই, যদিও আজিৰ তাৰিখত বিৰোধী বুলিবলৈ নায়েই । সম্পুৰ্ণ নিষ্ফল,নিৰ্বাচনলৈ মাজত আৰু তিনিমাহ থকা সময়ত এতিয়া বিৰোধী বিচাৰি পাবলৈ নোহোৱা হৈছে আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈ,ভূপেন বৰা,ৰিপুন বৰাই চৰকাৰ গঠনৰ সপোন দেখিছে।
তেজপুৰ বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা জিতেন বৰঠাকুৰে মঙলবাৰে কংগ্ৰেছ দলক তীক্ষ্ণ সমালোচনা কৰি এইদৰে কয়।উল্লেখ্য যে ২০২৬ ৰ আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ জ্যেষ্ঠ,কনিষ্ঠ সকলো নেতাকৰ্মীয়ে তেজপুৰত গাঁৱে-ভূঞে,চহৰৰ অলিয়েগলিয়ে সাংগঠনিক কামকাজ তীব্ৰতৰ কৰি তুলিছে।
সেই অনুসৰি উত্তৰ অসমৰ কেইবাটাও সমষ্টি দখল কৰাৰ পৰিকল্পনাৰে কালি তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাৰ নেতৃত্বত আৰু চাৰি গৰাকীকৈ বিধায়ক,প্ৰাক্তন সাংসদ আৰু ৰাজ্যিকৰ লগতে জিলা পৰ্যায়ৰ বহু নেতাৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এইক্ষেত্ৰত সভাৰ পিছত জ্যেষ্ঠ নেতা ভূপেন বৰাই মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগতে অসম বিজেপিক সমালোচনাৰে থকাসৰকা কৰিছিল।
লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই ২০২৬ ত বিজেপিক পৰাভূত কৰি অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে তেজপুৰৰ বিজেপি নেতা তথা প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ,প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ জ্যেষ্ঠ ভাতৃ জিতেন বৰঠাকুৰকে ধৰি আন বহু নেতাকৰ্মী ক্ষুদ্ধ হৈ পৰে।
এই সন্দৰ্ভত বিজেপি নেতা জিতেন বৰঠাকুৰে আজি এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি কংগ্ৰেছক আক্ৰমন কৰি চোকা সমালোচনা কৰে। বৰঠাকুৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজিলৈকে নিজৰ পৰিয়ালটোকে ভাৰতীয় কৰিব নোৱাৰিলে আৰু এতিয়া অসমত চৰকাৰ গঠনৰ তেও অলিক সপোন দেখিছে,২০২৬ ত অসমত পুনৰ বিজেপিৰেই চৰকাৰ হব,ৰাইজে সেয়া নিশ্চিত কৰি লৈছে।
ইয়াৰোপৰি কংগ্ৰেছ নেতা ৰিপুন বৰাক আক্ৰমন কৰি কয় ২৬ ত অসমত কংগ্ৰেছ চৰকাৰ হব বুলি ৰিপুন বৰাই কৈছে যদিও অসমত দলটোৰ পতন তেওৰ পৰাই আৰম্ভ হৈছিল,কংগ্ৰেছ চৰকাৰ চলি থকাৰ সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰথমটো মোক্ষম আঘাত ৰিপুন বৰাই দিছিল আৰু এতিয়া চৰকাৰ গঠনৰ অলিক সপোন দেখিছে। তেওঁ আজি বিজেপি চৰকাৰক সমালোচনা কৰি কয় তেনেহ'লে তেওঁৰ মুখখনলৈ কি বুলি চাই মানুহ আহিব,অসমৰ প্ৰতিজন ভোটাৰৰ বাবে ৰিপুন বৰা ভালকৈ পৰিচিত আৰু ৰিপুন বৰাৰ মুখলৈ চাই অসমৰ ৰাইজে দল টোক ভোট নিদিয়ে।
লগতে কয় অসমৰ ভোটাৰে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে শক্তিশালীভাৱে ৰাইজৰ বাবে যি কাম কৰিছে সেয়া চাইহে ভোট দিব। আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বত অসমত উন্নয়নৰ এক গংগা বোৱাইছে।
এনেক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হোৱাকৈ এইখন চৰকাৰে কাম কৰিছে। আগতে কংগ্ৰেছৰ দিনত টকা পইচা নোহোৱাকৈ কোনোবাই চাকৰি পাইছিল জানো ? আজি বিজেপি চৰকাৰে ডেৰ লাখ যুৱকযুৱতীক চাকৰি দিছে আৰু ইয়াৰে ভিতৰত প্ৰায় দুখীয়া নিচলা মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাইছে।
এইখন চৰকাৰৰ শাসনকালত সকলোৱে নিৰাপত্তা লাভ কৰিছে। ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে তেজপুৰত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ জিতেন বৰঠাকুৰে লগতে কয় বিধায়ক পৃথ্বীৰাজ ৰাভা এজন সৰল মনৰ লোক,সৰল মনৰ মানুহ আৰু তেও ৰাজনীতিৰ মানুহ নাছিল এজন সাংস্কৃতিক কৰ্মী,অভিনেতা আছিল। কিন্ত তেজপুৰত কৰিব লগা বহু কাম আছিল,কিয়নো মোৰ প্ৰয়াত ভাতৃ তেজপুৰ,ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰে তেজপুৰক লৈ যিবোৰ সপোন দেখিছিল আৰু যি পৰিকল্পনা কৰিছিল সেয়াৰ সৈতে সহযোগ কৰিছিলোঁ।
ইয়াৰোপৰি তেজপুৰত কোনো জটিল সমস্যা নাই,বিশেষকৈ বৃহৎ গৰাখহনীয়াৰ সমস্যা, বানপানী সমস্যা,জাতি-জনগোষ্ঠীৰ সমস্যা নাই,মাত্ৰ কেইটামান মৌলিক সমস্যাহে আছে। তদুপৰি ইতিহাস প্ৰসিদ্ধ উষা নগৰী তেজপুৰৰ যিবোৰ পৌৰাণিক সমল আৰু সাংস্কৃতিক সমল আছে সেইবোৰ উন্নয়ন কৰি বিশেষভাৱে জিলিকাব পাৰিলেহেঁতেন।
কংগ্ৰেছ চৰকাৰৰ সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰথমটো মোক্ষম আঘাত ৰিপুন বৰাই দিছিল : জ্যেষ্ঠ বিজেপি নেতা জিতেন বৰঠাকুৰ
সম্পুৰ্ণ নিষ্ফল,নিৰ্বাচনলৈ মাজত আৰু তিনিমাহ থকা সময়ত এতিয়া বিৰোধী বিচাৰি পাবলৈ নোহোৱা হৈছে আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈ,ভূপেন বৰা,ৰিপুন বৰাই চৰকাৰ গঠনৰ সপোন দেখিছে।