বাক্সাৰ দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ সভাপতিৰ

মই মৌলানা, মই জুবিনৰ গান নুশুনো, তথাপিও মই জুবিন অনুৰাগী ৷ জুবিন গাৰ্গে ন্যায় পাবই লাগিব -  এই মন্তব্য এগৰাকী মৌলবীৰ ৷

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ, গুৱাহাটী : মই মৌলানা, মই জুবিনৰ গান নুশুনো, তথাপিও মই জুবিন অনুৰাগী ৷ জুবিন গাৰ্গে ন্যায় পাবই লাগিব -  এই মন্তব্য এগৰাকী মৌলবীৰ ৷ ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল, অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনায় ৷

এটা ভিডিঅ’ বাৰ্তাত মৌলানাগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল প্ৰথম দিনাখনৰ পৰাই এটা কথাত অটুট আছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ৷ সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে ৷

সামাজিক মাধ্যমত মিলিয়ন মিলিয়ন মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে ৷ গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ৷ বাক্সাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত যিকেইজন আচামীক বাক্সা কাৰাগাৰলৈ অনাৰ কাৰণে যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল, সেয়া হ’ব নালাগিছিল ৷

এনেধৰণৰ ঘটনা বা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাৰ দ্বাৰা কোনো সমস্যা সমাধান নহয় ৷ বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ প্ৰতি আহ্বান জনাই তেওঁ কয় যে, আপোনালোকে কাৰোবাৰ উচটনিত এনেধৰণৰ ঘটনাত সোমাই নপৰিব ৷ বিতৰ্কিত মন্তব্যও নকৰিব ৷

আজি আমি দেখিবলৈ পাইছো যে শিলগুটি মাৰিছে কোনোবাই, নাম আহিছে কাৰোবাৰ ৷ যেতিয়া মুছলমান মানুহৰ নাম আহে, তেতিয়া ডাঙৰ ডাঙৰ আখেৰে লিখা আহে ৷ তাততো অকল মুছলমানে প্ৰতিবাদ কৰা নাছিল, তাত অসমীয়াই প্ৰতিবাদ কৰিছে ৷

জুবিন গাৰ্গ হ’ল অসমৰ আৱেগ ৷ জুবিন গাৰ্গ অসমৰ সকলো মানুহৰ ৷ তেওঁ পুনৰ কয় যে আমি মৌলানা মানুহ গান শুনো নেকি, কিন্তু জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ বাতৰি আহিছিল প্ৰথমৰ দিনাখনৰ পৰাই আমি আৱেগিক হৈ গৈছিলো ৷ গান শুনিলেই জুবিন গাৰ্গৰ অনুৰাগী হয় নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ৷

জুবিন গাৰ্গক অকল মানুহেই ভাল পোৱা নাছিল, জুবিন গাৰ্গক জীৱ-জন্তু, চৰাই-চিৰিকটিয়েও ভাল পাইছিল ৷ তেওঁক সকলো ধৰ্মৰ মানুহে ভাল পাইছিল ৷ গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি তেওঁ মন্তব্য কৰে ৷

বাক্সা