নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ খহনীয়াঃ খহাই নিলে ঠুনুকা পাহাৰৰ এক বৃহৎ অংশ...

author-image
Asomiya Pratidin
New Update
পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ডাইভাৰছন টানেলৰ ইনটেক্ট পইণ্টত ভূমিস্খলন...

NHPC

ডিজিটেল সংবাদ গোগামুখঃ প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। প্ৰকল্পৰ নিৰ্মাণকাৰ্য যিমানেই আগবাঢ়িছে সিমানেই বিপদ বাঢ়ি আহিছে এই প্ৰকল্পলৈ। প্ৰকৃতিৰ ভয়ংকৰ ৰূপে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভৱিষ্যত সম্পৰ্কে পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

Advertisment

২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমৰ বিশেষজ্ঞই গেৰুকামুখৰ দৰে বালিয়া তথা ঠুনুকা পাহাৰত বৃহৎ নদীবান্ধ নিৰ্মাণে অসমক ধ্বংসৰ দিশলৈ লৈ যাব বুলি মন্তব্য কৰিছিল।

দল, সংগঠনৰ এনে আন্দোলন আৰু প্ৰতিবাদৰ লগতে স্থানীয় বিশেষজ্ঞৰ প্ৰতিবেদনৰ বাবেই এই প্ৰকল্প নিৰ্মাণত বাধাৰ সৃষ্টি হৈছিল ৷ কিন্তু বিগত তিনি-চাৰি বছৰ ধৰি নদীবান্ধ বিৰোধী দল-সংগঠনৰ দুৰ্বল স্থিতি আৰু মৌনব্ৰতৰ বাবে এন এইচ পি চিয়ে প্ৰকল্পৰ প্ৰায় ৮০-৯০ শতাংশ নিৰ্মাণ কাৰ্য সম্পন্ন হৈ গৈছে।

ইতিমধ্যে এই প্ৰকল্পত ২০২৩ ৰ মাৰ্চ মাহৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি সদম্ভে ঘোষণাও কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰ তথা এন এইছ পি চিৰ এনে সদম্ভ ঘোষণাৰ বিপৰীতে সোৱণশিৰি নদীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মানত শেহতীয়াকৈ ধাৰাবাহিক ভাৱে প্ৰচণ্ড আঘাত দি অহাই নহয় প্ৰকল্প নিৰ্মাতা সংস্থা এন এইচ পি চিক ব্যাপক পৰিমাণে ক্ষতিগ্ৰস্ত কৰি তুলিছে ৷

শনিবাৰে পুৱা এন এইচ পি চিৰ তথাকথিত অত্যাধুনিক নিৰ্মাণ শৈলীৰ অহংকাৰক তচ-নচ কৰি পুনৰ খহাই নিলে বিৰাটকায় পাহাৰৰ এটা অংশ ৷ উক্ত খহনীয়াৰ ফলত এক আৰু দুই নম্বৰ টানেল দুটা বন্ধ হৈ পৰিছে ৷

জানিব পৰা মতে যোৱা কেইবাদিনো ধৰি অৰুণাচলত দি থকা মূখলধাৰ বৰষুণৰ ফলত পূৰ্বতে খহি থকা বান্ধটোৰ বাওঁ ফালৰ ঠুনুকা পাহাৰখনৰ বৃহৎ অংশ আজি আকৌ খহি পৰে। আনহাতে বৰষুণৰ ফলত সোৱণশিৰিৰ নদীপৃষ্ঠ বৃদ্ধি পোৱাত গেৰুকামুখৰ বালিয়া তথা ঠুনুকা পাহাৰ অধিক ভংগুৰ হৈ পৰিছে ৷

সোৱণশিৰি নদীৰ এই খহনীয়াত এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীসকল আতংকিত হৈ পৰা বুলি জানিব পৰা গৈছে। লগতে এই প্ৰকল্পৰ অত্যাধুনিক নিৰ্মাণ শৈলীৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হৈছে। সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে এই প্ৰকল্পৰ ভৱিষ্যত আৰু লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি উজনি অসমৰ জিলা কেইখনৰ ভৱিষ্যত সুৰক্ষিত দিশটোক লৈ।

nhpc