১ ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম! আপোনাৰ জেপতো আছে নেকি পুৰণি ৫০০টকীয়া নোট...

আপোনাৰ জেপতো নিশ্চয় আছে ৫০০টকীয়া নোট। এই ৫০০টকীয়া নোটক লৈ অহা ১ছেপ্টম্বৰ, ২০২৫ৰ পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব দেশত। ইতিমধ্যে ৰিৰ্জাভ বেংকে এই নিয়মৰ কথা ৰাজহুৱা কৰিছে।

author-image
Asomiya Pratidin
New Update
b68b6722-fc1b-4355-b8e4-dcc32f235cd9

ডিজিটেল ডেস্কঃ আপোনাৰ জেপতো নিশ্চয় আছে ৫০০টকীয়া নোট। এই ৫০০টকীয়া নোটক লৈ অহা ১ছেপ্টম্বৰ, ২০২৫ৰ পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব দেশত। ইতিমধ্যে ৰিৰ্জাভ বেংকে এই নিয়মৰ কথা ৰাজহুৱা কৰিছে। এতিয়াৰে পৰা আপোনাৰ জেপত থকা ৫০০টকীয়া নোট খৰছ কৰিবলৈও মানি চলিব লাগিব কিছু বিশেষ চৰ্ত। 

Advertisment

১ছেপ্টেম্বৰ, ২০২৫ৰ পৰা ৫০০টকীয়া নোট বেংকত জমা দিয়াৰ ক্ষেত্ৰত মানি চলিব লাগিব এই নতুন নিয়ম। এতিয়াৰে পৰা ৫০০টকা নোটৰ ১০হাজাৰ টকা একেলগে জমা দিব নোৱাৰিব বেংকত। ইয়াৰ বিপৰীতে ৫০০টকীয়া নোট বেংকত জমা দিবলৈ জমাৰ্কতাই পৰিচয় পত্ৰৰ লগতে আনুসংঙ্গিক কিছু দস্তাবেজো দাখিল কৰিব লাগিব।

জাল নোটৰ প্ৰচলন ৰোধ আৰু ডিজিটেল ব্যৱস্থাক তুৰাম্বিত কৰাৰ বাবে ৰিৰ্জাভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে। আৰ বি আয়ে স্পষ্ট কৰি দিছে যে, ১ছেপ্টম্বৰৰ পিছত দেশৰ পুৰণি ৫০০টকীয়া নোটৰ জৰিয়তে কৰা লেনদেন যথেষ্ট পৰিমাণে হ্ৰাস পাব। ৩০ছেপ্টেম্বৰৰ লৈকে অতি পুৰণি ৫০০টকীয়া নোটসমূহ বেংকত জমা দিব পাৰিব লোকসকলে।

আৰ বি আয়ে সদৰি কৰিছে যে, দেশৰ নকল ৫০০টকীয়া নোটৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে। সেয়েহে আৰ বি আয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অতিপাত পুৰণি আৰু নকল নোট বেংকত জমা নলবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰ বি আয়ে। আনহাতে নকল ৫০০টকীয়া ৰোধৰ বাবে এই পদক্ষেপত জনতাক সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰ বি আয়ে।

এই সমগ্ৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত আৰ বি আইৰ অফিচিয়েল ৱেবচাইটত ভিজিট কৰি সবিশেষ জানিব পাৰিব ৰাইজে।

ভাৰত