এতিয়া সস্তা হ'ব নে ঋণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ’ৰ ৰেট ০.২৫ শতাংশ হ্ৰাস কৰিছে। ইপিনে পূৰ্বৰ ৰেপ’ৰ ৰেট ৫.৫০ শতাংশৰ পৰা ৫.২৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
AP WEB rbi

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰতিগৰাকী ভাৰতীয়লৈ এক নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।  আজি মুদ্ৰানীতি সমিতিৰ এক বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই গুৰুত্বপূৰ্ণ  সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ’ৰ ৰেট ০.২৫ শতাংশ হ্ৰাস কৰিছে। ইপিনে পূৰ্বৰ  ৰেপ’ৰ ৰেট ৫.৫০ শতাংশৰ পৰা ৫.২৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। 

WhatsApp Image 2025-12-05 at 2.01.35 PM

উল্লেখ্য যে, খুচুৰা মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী মাহৰ পৰা তিনিটা কিস্তিত মুঠ ১% ৰেপ’ৰেট কৰ্তন কৰিছে। আনফালে তেওঁ কয় যে- প্ৰত্যাহ্বানমূলক পৰিৱেশৰ মাজতো ভাৰতৰ অৰ্থনীতিয়ে ভাল স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে। দেশৰ বিকাশ শক্তিশালী হৈ থাকিব বুলি আশা কৰাৰ লগতে  মুদ্ৰাস্ফীতিৰ উন্নতিয়ে বিকাশৰ সমৰ্থন কৰাৰ স্থান দিছে। 

RBI Monetary Policy Meeting Repo Rate ...

প্ৰণিধানযোগ্য যে, এই ৰেট কৰ্তনে ঘৰ ক্ৰেতাসকলক যথেষ্ট সকাহ প্ৰদান কৰিব। হোম লোনৰ সুতৰ হাৰ হ্ৰাস পাব,ফলত এতিয়াৰে পৰা ঘৰ ক্ৰয় কৰাটো অধিক সুলভ বিকল্প হ'ব । বৰ্তমানৰ হোম লোনৰ পুনৰ বিত্তীয় সাহায্যও সহজ হৈ পৰিব, কিয়নো কম EMIয়ে ঋণৰ বোজা লাঘৱ কৰিব।

RBI Monetary Policy Meeting Repo Rate ...

ভাৰতীয় ৰিজাৰ্ভ বেংক