প্ৰথম কথা মই এই চার্জশ্বীটক লৈ মুঠেও সন্তুষ্ট নহয়ঃৰবি শৰ্মা

আমি আগৰ পৰা যি ধাৰণা কৰিছিলোঁ সেই ধাৰণাসমূহ সঁচা হৈছে। আমি তদন্ত আৰম্ভ নোহোৱাৰ আগত যিবোৰ অভিযোগ আনিছিলো সেইবোৰে এতিয়া সঁচা হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 2 (25)

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিলৰ পাছতে প্ৰথমটো প্ৰতিক্ৰিয়া কৰিছে অভিনেতা ৰবি শৰ্মাই। বহু কেইটা মন্তব্য আগবঢ়াইছে অভিনেতাগৰাকীয়ে। 

addece52-0496-4377-ba98-a801bca5615d

অভিনেতাগৰাকীয়ে উল্লেখ কৰি কৈছে যে- প্ৰথম কথা এই চার্জশ্বীটক লৈ মই মুঠেও সন্তুষ্ট নহয়। আমি আগৰ পৰা যি ধাৰণা কৰিছিলোঁ সেই ধাৰণাসমূহ  সঁচা হৈছে। আমি তদন্ত আৰম্ভ নোহোৱাৰ আগত যিবোৰ অভিযোগ আনিছিলো সেইবোৰে এতিয়া সঁচা হৈছে।একেবাৰে শেষৰ ভিডিঅ'টো আমাক লাগে। কি আছে সেই ভিডিঅ' টোত জনাতো প্ৰয়োজন। এজন বন্ধু হিচাপে আৰু জুবিনৰ অনুৰাগী হিচাপে মই জানিব বিচাৰো জুবিন গাৰ্গৰ সৈতে শেষ পৰ্যায়ত কি হৈছিল। এই কথা জনাৰ মোৰ অধিকাৰ আছে। এনেদৰেই মন্তব্য কৰা পৰিলক্ষিত হয় অভিনেতাগৰাকীয়ে। 

550583437_122163710672399801_2583646197684763117_n-2025-12-be19945759d0a2a35e67733ecdefd6b6

জুবিন গাৰ্গ জুবিন ৰবি শৰ্মা